নিউজ ডেস্ক, ২৩ নৱেম্বৰ, ২০২৩ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে বৃহস্পতিবাৰে কাটিহাৰ মণ্ডলৰ অন্তৰ্গত বালুৰঘাট, গংগাৰামপুৰ, একলাখী আৰু নিউ জলপাইগুড়ী ষ্টেচনত (New Jalpaiguri Station) উন্নয়নমূলক কামকাজৰ লগতে ৰে’লৰ সুবিধাসমূহৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্য কাৰ্যালয় আৰু সংশ্লিষ্ট মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে কাটিহাৰৰ মাণ্ডলিক ৰে’ল প্ৰৱন্ধক সুৰেন্দ্ৰ কুমাৰে মহাপ্ৰৱন্ধকৰ লগত উপস্থিত থাকে।

মহাপ্ৰৱন্ধকে সা-সুবিধাসমূহ, নিৰ্মাণাধীন উন্নয়নমূলক প্ৰকল্পসমূহ পৰিদৰ্শন কৰে আৰু ৰে’ল ষ্টেচনসমূহত সুৰক্ষা সম্পৰ্কীয় উপকৰণসমূহো পৰীক্ষণ কৰে। মহাপ্ৰৱন্ধকে ষ্টেচনতো ৰে’লৱে বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰে আৰু বিভিন্ন বিষয়ৰ ওপৰত মতামত গ্ৰহণ কৰে। মহাপ্ৰৱন্ধকে উইণ্ডো ট্ৰেইলিং পৰিদৰ্শন কৰে। মহাপ্ৰৱন্ধকে মাৰ্শ্বেলিং য়াৰ্ড আৰু কোচিং য়াৰ্ডৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহো পৰিদৰ্শন কৰে।

মহাপ্ৰৱন্ধকে চলি থকা কামকাজসমূহৰৰ পুংখানুপুংখ পৰিদৰ্শন কৰে আৰু এই খণ্ডসমূহৰ বাবে উন্নয়নমূলক আঁচনিসমূহৰো পৰীক্ষণ কৰে। মহাপ্ৰৱন্ধকে নতুন ষ্টেচন ভৱন, ক্ৰু লবি, ফুট অভাৰ ব্ৰীজ, প্লেটফৰ্ম আৰু অন্যান্য যাত্ৰীৰ স্বাচ্ছন্দ্য কাৰ্যৰ পৰিকল্পনাসমূহৰ পৰিদৰ্শন কৰে। তদুপৰি, মহাপ্ৰৱন্ধকে গংগাৰামপুৰৰ মাননীয় বিধায়ক সত্যেন্দ্ৰ নাথ ৰায়ৰ সৈতে এক বৈঠকত মিলিত হয় আৰু ষ্টেচন ও কাষৰীয়া অঞ্চলসমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

মহাপ্ৰৱন্ধকে নিউ জলপাইগুৰী ষ্টেচনত চলি থকা ষ্টেচন পুনৰ্বিকাশৰ কামকাজসমূহৰো পৰিদৰ্শন কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনৰ নিউ জলপাইগুড়ী ষ্টেচনটো উন্নততৰ, অতিৰিক্ত আৰু বৰ্ধিত যাত্ৰীসুবিধা প্ৰদানৰ বাবে এক আন্তৰ্জাতিক ৰে’ল টাৰ্মিনেল হিচাপে উচ্চ মানদণ্ডৰে পুনৰ বিকশিত কৰা হ’ব। ইতিমধ্যে আধুনিকীকৰণৰ কাম আৰম্ভ কৰা হৈছে। 

পৰিদৰ্শনৰ সময়ত, মহাপ্ৰৱন্ধকে সংবাদ মাধ্যমৰ বিভিন্ন প্ৰতিনিধিবৰ্গৰ সৈতে মত বিনিময় কৰে আৰু ৰে’লৱে ব’ৰ্ডে জাৰী কৰা নিৰ্দেশনা অনুসৰি অঞ্চলটোত চলি থকা বিভিন্ন উন্নয়নমূলক কামকাজৰ বিষয়ে অৱগত কৰে। মহাপ্ৰৱন্ধকৰ এই ভ্ৰমণৰ উদ্দেশ্য আছিল বিভিন্ন উন্নয়নমূলক কামৰ অগ্ৰগতি পৰ্যালোচনা কৰা, বিভিন্ন স্থানত সুবিধাসমূহৰ মূল্যাঙ্কন কৰা, বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰা আৰু অঞ্চলটোত আন্তঃগাঁথনিগত বিকাশ আৰু ব্যৱসায়িক সম্প্ৰসাৰণৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা।