যোৰহাট, ২৬ আগষ্ট, ২০২৩ : এক শিহৰণকাৰী ঘটনা। বিষাক্ত সাপৰ সৈতে বসবাস এটা পৰিয়ালৰ। ২০ টাতকৈও অধিক বিষাক্ত সাপৰ সৈতে বিগত এমাহ ধৰি বসবাস কৰি আছিল এটা পৰিয়াল (20 snake rescued)। সৰ্প বিশেষজ্ঞই পৰিয়ালটোৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে বিষাক্ত সাপৰ ২০ টাতকৈও অধিক পোৱালি। উদ্ধাৰ হৈছে সাপৰ বহু কণী। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

এক শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে। এটা পৰিয়াল বিষাক্ত সাপৰ সৈতে কৰি আছিল বসবাস। এটা-দুটা নহয়, ২০ টাতকৈও অধিক বিষাক্ত সাপৰ সৈতে পৰিয়ালটো বিগত এমাহ ধৰি বসবাস কৰি আছিল। এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে যোৰহাট জিলাৰ মৰিয়ানিত। মৰিয়নিৰ নগাধুলি হাতীজুৰি চাহ বাগিছাৰ এটা পৰিয়ালত বিগত এমাহ ধৰি বিষাক্ত সাপৰ সৈতে বসবাস কৰা ঘটনাই শিহৰিত কৰি তুলিছে সকলোকে।

মৰিয়নিৰ নগাধুলি হাতীজুৰি চাহ বাগিছাৰ শংকৰ বনিয়া নামৰ এজন লোকৰ বাসগৃহত এই শিহৰনকাৰী ঘটনা পোহৰলৈ আহিছে। বিগত কিছুদিন ধৰি এডাল প্ৰকাণ্ড চকৰী ফেঁটী সাপ শংকৰ বনিয়াৰ বাসগৃহত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰিছিল শংকৰ বনিয়াৰ পৰিয়ালৰ সদস্য সকলে। পৰিয়ালটোৱে বিষাক্ত সাপ ডালক ঘৰৰ পৰা বাহিৰলৈ কেইবাবাৰো খেদি পঠিয়াইছিল যদিও সাপডাল বাৰে বাৰে শংকৰ বনিয়াৰ বাসগৃহত প্ৰৱেশ কৰি এটা নিদিষ্ট কোঠাৰ মাটিৰ তলৰ গাঁতত আশ্ৰয় লয়।

ইফালে শুকুৰবাৰৰ পৰা শংকৰ বনিয়াৰ বাসগৃহৰ উক্ত কোঠাটোত সাপৰ কেইবাটাও পোৱালি পৰিয়ালটোৰ সদস্য সকলে প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে। ইয়াৰ পিছতে আতংকিত পৰিয়ালটো ঘটনাৰ খবৰ দিয়ে সৰ্প বিশেষজ্ঞ অনিল তাছাক। খবৰ পাই সৰ্প বিশেষজ্ঞ অনিল তাছা শংকৰ বনিয়াৰ ঘৰত উপস্থিত হৈ সাপৰ পোৱালি কেইটা উদ্ধাৰ কৰে। শংকৰ বনিয়াৰ উক্ত কোঠাটোৰ পৰা সৰু ডাঙৰ ২০ টাৰো অধিক ফেঁটী সাপৰ পোৱালী উদ্ধাৰ কৰে সৰ্প বিশেষজ্ঞ অনিল তাছাই।উক্ত কোঠাটোৰ মাটী খান্দি দিয়াত সাপৰ এক আৱাসস্থল অৱিস্কাৰ হয়।

সাপৰ আৱাসস্থলৰ পৰা সাপৰ বহু কণীও উদ্ধাৰ হয়। বৃহৎ সংখ্যত সাপ উদ্ধাৰ হোৱা পাছতহে শংকৰ বনিয়াৰ পৰিয়ালটো আতংকিত হৈ পৰিসৰ। বিগত দিনসমুহত যে পৰিয়ালটো বিষাক্ত সাপৰ সৈতে বসবাস কৰি আছিল ইয়াকেলৈ পৰিয়ালটো আতংকিত হৈ পৰে। বৰ্তমান সাপ সমুহ সুৰক্ষিতভাৱে উদ্ধাৰ কৰি গিৱন অভয়াৰন্যত মুকলি কৰি দিয়া হ’ব বুলি জানিবলৈ দিছে সৰ্প বিশেজ্ঞ অনিল তাছাই। উল্লেখ্য যে সাপৰ পোৱালি সমূহ উদ্ধাৰ হৈছে যদিও এতিয়ালৈকে প্ৰকাণ্ড সাপডাল উদ্ধাৰ হোৱা নাই।