নিউজ ডেস্ক, ১৪ আগষ্ট, ২০২৩ : হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱলীলা। বান-বৰষুণৰ লগতে ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ লৈছে ভূমিস্খলনে (Landslide)। বৰ্তমানলৈকে ২১ জনকলৈ লোকৰ মৃত্যু, বহুকেইজন লোক মাটিৰ তলত আৱদ্ধ হৈ থকাৰ শংকা। শুকুৰবাৰৰ পৰা হিমাচল প্ৰদেশৰ কেইবাখনো জিলাত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। বৰষুণৰ লগতে ভূমিস্খলনৰ ঘটনাই অধিক ভয়াবহ কৰিছে হিমাচল প্ৰদেশৰ পৰিস্থিতি।

ৰাজ্যখনৰ প্ৰায় ৩০০ সৰু-বৰ পথ বন্ধ হৈ পৰিছে ভূমিস্খলনৰ ফলত। উত্তৰাখণ্ডৰ অৱস্থাও হিমাচল প্ৰদেশৰ দৰে হৈ পৰিছে।উত্তৰাখণ্ডৰ কেইবাখনো জিলাত কমলা আৰু ৰঙা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে। পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড পুনৰবাৰ ধাৰাসাৰ বৰষুণৰ ফলত বিধস্ত হৈ পৰিছে। হিমাচল প্ৰদেশৰ ৰাজধানী শিমলাত হোৱা ভূমিস্খলনত বহু সংখ্যক লোক মাটিৰ তলত পুত যোৱাৰ আশংকা কৰা হৈছে। এতিয়ালৈকে মাটিৰ তলত পৰা উদ্ধাৰ কৰা হৈছে ৯ টাকৈ মৃতদেহ।

ইফালে ৰাজ্যখনৰ সোলানত ডাৱৰ বিস্ফোৰণৰ ফলত বহু লোকৰ মৃত্যু হৈছিল। বিগত ২৪ ঘন্টাৰ ভিতৰত হিমাচল প্ৰদেশত ২১ জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনফালে উত্তৰাখণ্ডৰ মালদেৱতাত ভাঙি পৰে ডেৰাডুন ডিফেন্স কলেজৰ ভৱন। ইয়াত ছয়খন জিলাত মুষলধাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। সোলান জিলাৰ কান্দাঘাট মহকুমাৰ জাদন গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত ৭ জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত আছে চাৰিগৰাকী মহিলা আৰু তিনিজন পুৰুষ।

ইয়াত দুজন লোকক উদ্ধাৰ কৰা হৈছে। শিমলাৰ ছামাৰহিলত থকা এটা শিৱ মন্দিৰত ভূমিস্খলনত মাটিৰ তলত পুত যায়। পুৱা মন্দিৰত পূজা কৰিবলৈ অহা প্ৰায় ২০ জন লোক মাটিৰ তলত পুতি যোৱা বুলি জানিবলৈ পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে মাণ্ডীৰ নাগচালাত ডাৱৰ বিস্ফোৰণৰ ফলত মণ্ডীৰ পৰা কুল্লু সংযোগী ঘাইপথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। জেচিবি মেচিন স্থাপন কৰি ঘাইপথ মুকলি কৰাৰ চেষ্টা চলাই আছে প্ৰশাসনে।

হিমাচল প্ৰদেশৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে কমলা ৰঙৰ সতৰ্কবাণী। সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানত বন্ধ ঘোষণা কৰা হৈছে। যাতায়তৰ বাবে বন্ধ কৰি দিয়া হৈছে ৩০২ টা পথ। ভূমিস্খলনৰ ফলত ট্ৰেন্সফৰ্মাৰৰ বিজুতি ঘটি ট্ৰেন্সফৰ্মাৰ বিকল হোৱাৰ বাবে বহু অঞ্চল আন্ধাৰত ডুব গৈছে। উত্তৰাখণ্ডৰ ডেৰাডুন আৰু চম্পাৱটত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে জাৰি কৰা হৈছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডত ১৫ আগষ্ট পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰিছে।