গুৱাহাটী : কঠোৰ ৰাজ্যৰ শিক্ষা বিভাগ। হাই স্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল বেয়া হোৱা চৰকাৰী বিদ্যালয় সমূহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। ফলাফল বেয়া হোৱা বিদ্যালয় সমূহলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে শিক্ষা বিভাগে। ৭ দিনৰ ভিতৰতে উত্তৰ দিয়াৰ নিৰ্দেশ।

যোৱা মঙলাবাৰে ঘোষণা কৰা হয় হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ ৫৬.৪৯ শতাংশ পৰীক্ষাৰ্থীয়ে হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। চৰকাৰী বিদ্যালয় সমূহক পিছ পেলাই ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ পৰীক্ষাৰ্থী সকলৰ ফলাফলে ৰাজ্যৰ শিক্ষা বিভাগক চিন্তিত কৰি তুলিছে।

চৰকাৰী বিদ্যালয় সমূহৰ বেয়া ফলাফলকলৈ সেইহে কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। হাই স্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল হোৱা ৰাজ্যৰ ১০২ খন চৰকাৰী বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। ৭ দিনৰ ভিতৰত এই বিদ্যালয় সমূহে বেয়া ফলাফলৰ হোৱাৰ উত্তৰ দিব লাগিব শিক্ষা বিভাগক।

মাধ্যমিক শিক্ষা সঞ্চালকালয়ে হাই স্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল হোৱা এই ১০২ খন চৰকাৰী বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। উল্লেখ্য যে এই ১০২ খন বিদ্যালয়ৰ ২৫ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ শূন্য, ৭০ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০ শতাংশ আৰু ৭ খন বিদ্যালয়ৰ ১০ শতাংশৰ তলত উত্তীৰ্ণৰ হাৰ।