গুৱাহাটী : আগন্তুক উৎসৱৰ বতৰত পছন্দৰ পোছাকেৰে ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ী সকলক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে নৰ্থ-ইষ্টাৰ্ন গার্মেনছ ট্ৰেডাৰ্ছ এছ’চিয়েশ্বন চমুকৈ নেগ্‌টাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ক্রেতা বিক্রেতা সন্মিলন। তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি নেগ্‌টাৰ সভাপতি শ্বেখৰ আগৰৱালাৰ নেতৃত্বত এই সন্মিলনৰ আয়োজন কৰা হয়।

উদ্বোধনী অনুষ্ঠানত নেগ্‌ৰ্টাৰ সভাপতি গৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে স্বাধীনতাৰ ৭৫ তম বৰ্ষ উপলক্ষে এই বছৰ ‘আজাদী কা অমৃত মহোৎসৱ’ হিচাপে উদযাপন কৰিছে। এনে পৰিস্থিতিত নেগ্‌টাই এইবাৰ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ৪১ সংখ্যক ক্রেতা আৰু বিক্রেতা সন্মিলনৰ আয়োজন কৰে আৰু ক্ষুদ্ৰ পোছাক ব্যৱসায়ী সকলৰ মনোবল বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ আৰু কয় যে ক’ভিড ১৯ মহামাৰীয়ে যোৱা দুবছৰত সমগ্ৰ পোছাকৰ ব্যৱসায় ধ্বংস কৰি পেলাছিল।

শ্বেখৰ আগৰৱালাই কয় যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ পোছাক ব্যৱসায়ী সকলৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ বাবে নেগ্‌টাই ক্রেতা-বিক্রেতা সন্মিলনৰ আয়োজন কৰি আহিছে। সংগঠনটোৰ সম্পাদক বৰুণ ৰুংতাই কয় যে এইবাৰ আগন্তুক উৎসৱ আৰু শৰৎ-শীতকালীন পোছাকৰ কথা মনত ৰাখি ৪১ সংখ্যক পোছাক মেলাৰ আয়োজন কৰা হৈছে। নেগ্‌টাই পল্টন বজাৰত অৱস্থিত হোটেল দাইস্কু আৰু হোটেল অতিথি লগত অংশীদাৰ হিচাপে হোটেল বিশ্বৰত্ন, হোটেল ডাইনেষ্টী, হোটেল ৰাজমহল, হোটেল মিলিনিয়াম, এম্বিয়েঞ্চ বেঙ্কুৱেট, আশী অপ্‌চাৰা বেঙ্কুৱেট আৰু ইন্দ্ৰ মনীষত এই ক্রেতা আৰু বিক্রেতা সন্মিলন, পোছাক মেলাৰ আয়োজন কৰা হয়।

তেওঁ জানিবলৈ দিয়ে যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৪০০ তকৈও অধিক ব্ৰেণ্ডৰ সৈতে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ ৫০ জনৰো অধিক ব্যৱসায়ীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে মহিলা, পুৰুষ, কিডছ এপাৰেল, ফুটৱেৰ আৰু বহু সামগ্ৰীৰ শেহতীয়া সংগ্রহ আছে। এই তিনিদিনীয়া বৈঠকত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৫০০ তকৈও অধিক ক্ষুদ্ৰ আৰু ডাঙৰ ব্যৱসায়ীয়ে আগন্তুক উৎসৱ আৰু শীতকালৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ প্রয়োজন অনুসৰি পূৰ্ব-বুকিং কৰে। নেগ্‌টাৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰাজীৱ অজিতচাৰিয়াই কয় যে অসমকে ধৰি উত্তৰ পূবৰ ব্যৱসায়ী সকলৰ দাবী অনুসৰি এই বৈঠকত পোছাক অন্তৰ্ভুক্ত কৰা হৈছে।

এই বৈঠকৰ জৰিয়তে ক্রেতা আৰু বিক্রেতা সভাও আয়োজন কৰা হৈছে, যাৰ ফলত গ্ৰাম্য অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল যথেষ্ট লাভান্বিত হৈছে। কোষাধ্যক্ষ শৈলেশ গোৱেংকাই কয় যে ব্যৱসায়ৰ লগতে সময়ে সময়ে বিভিন্ন সামাজিক কাম আৰু কাৰ্যকলাপতো সহযোগিতা আগবঢ়াই আহিছে নেগ্‌টাই। ক’ভিডৰ বাবে লকডাউনৰ সময়ত যোৱা দুবছৰত, আমাৰ সংগঠনটোৱে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসহ কৰ্মচাৰী সকলক সহায় কৰিছিল। নেগ্‌টাৰ সকলো বিষয়া আৰু সদস্যই এই তিনিদিনীয়া পোছাক মেলাক সফল কৰাৰ বাবে সহায় সহযোগিতা আগবঢ়াই আহিছে।