গুৱাহাটী, ২২ নৱেম্বৰ: কেন্দ্রীয় চৰকাৰৰ আৰু এন এছ চি এম (আই এম)ৰ মাজত নাগালিম সম্পর্কত হােৱা নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ লগতে সাম্প্রতিক সময়ত ৰাজ্যখনত চলি থকা সীমা সমস্যা সমাধান কৰি ৰাজ্যখনত শান্তি আৰু সুস্থিৰতা অক্ষত ৰাখিবলৈ ঐক্য সেনা অসমে গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত ২২ আৰু ২৩ নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে দীঘলীপুখুৰী পাৰত অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। ভৱিষ্যতে অসমৰ ভৌগলিক সুস্থিৰতাৰক্ষাৰ লক্ষ্যৰে ঐক্য সেনা অসমে কেন্দ্রীয় চৰকাৰৰ প্ৰস্তাৱিত নগাচুক্তিৰ প্ৰাৰম্ভিক কাম-কাজৰ সবিশেষ তথ্য ৰাজহুৱা কৰক’, ‘গোলাঘাটকে ধৰি উজনি অসমৰ বিভিন্ন জিলাত নগাৰ দ্বাৰা দখল হােৱা অসমৰ ভূমি উদ্ধাৰৰ তাৎক্ষনিক ব্যৱস্থা কৰক’। ‘অৰুনাচল আৰু মেঘালয়ৰ দ্বাৰা দখলকৃত ভূমি উদ্ধাৰ কৰি দীর্ঘদিন ধৰি পাশৱিক নির্যাতনৰ সন্মুখীন হৈ অহা সীমান্তবাসী অসমীয়া গঞাক স্বাভাৱিক জীৱন – যাপনৰ সুযোগ দিয়ক’। ‘অসমক অন্ধকাৰত ৰাখি কেন্দ্ৰই নগাৰ সৈতে কৰাৰ চুক্তিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শক্তিশালী অৱস্থান গ্রহণ কৰক’ আদি দাবী সম্বলিত এখন স্মাৰক পত্র মুখ্যমন্ত্ৰী আৰু কেন্দ্রীয় গৃহমন্ত্রীলৈ প্ৰেৰণ কৰে। দিনৰ ১১ বজাত দীঘলীপুখুৰী পাৰত অসমৰ ভিন্ন প্রান্তৰ পৰা অহা সংগঠনটােৰ কৰ্মী সকলে হাতে হাতে প্লেকার্ড, ফেন্টুন আদি লৈ ‘তেজ দিম মাটি নিদিও” অসমৰ ভূমিৰ পৰা নগাৰ বেদখল মুক্ত কৰক’, চুঙাজান এম ভি পঞ্চায়তৰ বৃহৎ এলেকা সামৰি নগালেণ্ড প্রশাসনে স্থাপন কৰা মহকুমা কাৰ্যালয় গৃহ শীঘ্ৰেই উচ্ছেদ কৰক আদি শ্লোগান দি উত্তাল কৰে। উক্ত প্রতিবাদী কাৰ্যসূচীত নেতৃত্ব বহন কৰা ঐক্য সেনা অসমৰ কেন্দ্রীয় সভাপতি সঞ্জীৱ মহন্ত, কাৰ্যকৰী সভাপতি দেৱজ্যোতি শৰ্মা, সাধাৰণ সম্পাদক শ্বহিদুল ইছলাম, মুখ্য মুখপাত্ৰ কমল কুমাৰ, ৰাজ্যিক মহিলা সভানেত্রী ভূশিত কাশ্যপ, সম্পাদিকা উর্মিমালা দেৱী আদিয়ে অংশ গ্রহণ কৰি অসমৰ ভূখণ্ড সুৰক্ষিত কৰিব নোৱাৰা বিজেপি চৰকাৰক তীব্র ককর্থনা কৰি কেন্দ্রীয় আৰু অসম চৰকাৰক উপৰােক্ত দাবী সমূহৰ প্রতি শীঘ্ৰেই গুৰুত্ব দি সীমা সমস্যাক লৈ ৰাজ্যখনত ৰক্তক্ষয়ী পৰিস্থিতি উদ্ভৱ হােৱাৰ আগেয়ে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।