নগাঁও, ২২ নৱেম্বৰ: চিত্ৰকলাৰ ক্ষেত্রত শিশুৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যৰে গুজৰাটৰ ভাৱনগৰৰ ৰেইনবৌ আৰ্ট চেণ্টাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিছিল ‘অল ইণ্ডিয়া কলাৰিং এণ্ড হেণ্ড ৰাইটিং কম্পিটিশ্বন’৷ এই প্ৰতিযোগিতাত নগাঁৱৰ প্ৰদীপচ্ আৰ্ট এণ্ড ক্ৰাফ্টৰ প্ৰশিক্ষাৰ্থী তপস্যা গোহাঞি বৰুৱাই ‘খ’ শাখাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ প্ৰদীপচ্ আৰ্ট এণ্ড ক্ৰাফ্টত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত তপস্যাক সোণৰ পদক আৰু মানপত্ৰ প্ৰদান কৰে চিত্রকলা প্ৰশিক্ষণ প্ৰতিষ্ঠানটিৰ অধ্যক্ষ প্ৰদীপ মজুমদাৰে৷ তপস্যা পুৰণিগুদামৰ উৎপল গোহাঞি বৰুৱা আৰু শিৱানী শৰ্মাৰ জীয়ৰী তথা নগাঁৱৰ  নৱৰূপ জাতীয় বিদ্যাপীঠৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী৷ তপস্যাৰ সাফল্যত বিদ্যালয়খনৰ লগতে নগাঁওবাসী উৎফুল্লিত হৈ পৰিছে৷