আজিজ আলী

বাক্সা : বাক্সাত মাছ মৰিয়াৰ জালত উঠিল ৰজা দিনীয়া বহু সামগ্ৰী। উল্টাখন্দা নদীত মাছ মাৰিবলৈ যোৱা মাছ মৰিয়াৰ জালত উঠিল ৰজা দিনীয়া সামগ্ৰী। মাছ মৰিয়াৰ জালত উঠা ৰজা দিনীয়া সামগ্ৰী সমূহ চাবলৈ ৰাইজৰ ভিৰ কৰিছে বহুতে।

বাক্সা জিলাৰ গড়ভিতৰ গাঁৱত এজন লোকৰ ঘৰত ভিৰ কৰিছে বহু লোকে। গড়ভিতৰ গাঁৱত এজন মাছ মৰিয়াৰ ঘৰলৈ সোঁত বৈছে মানুহৰ। মাছ মৰিয়াজনৰ জালত নদীৰ পৰা উঠা ৰজা দিনীয়া সামগ্ৰী চাবলৈ বহু লোকে ভিৰ কৰিছে।

বাক্সাৰ গড়ভিতৰ গাঁৱৰ উল্টাখন্দা নদীত মাছ মৰিয়াজনে বুধবাৰে মাছ মাৰিবলৈ যাওঁতে জালত উঠিছিল কিছুমান ৰজা দিনীয়া সামগ্ৰী। সামগ্ৰী সমূহ কছাৰী মুলৰ ৰজা ফেঙুৱা ৰজাৰ দিনৰ বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। গাওঁখন ফেঙুৱা ৰজাৰ ৰাজধানী আছিল বুলিও কৈছে বহুতে।