মানকাচৰ : বদৰুদ্দিন আজমলৰ আদৰ্শ গাঁৱত কৃষকৰ মাজত হাহাকাৰ। বানত ডুব গৈছে সাংসদ বদৰুদ্দিন আজমলৰ আদৰ্শ গাঁও। বাদৰুদ্দিন আজমলৰ আদৰ্শ গাঁও পঞ্চায়ত কুচনীমাৰা জোৰডাঙ্গাৰ শ শ কৃষকৰ ধান খেতিৰ লগতে পাচলি খেতি পানীয়ে জলমগ্ন কৰিছে।

ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। উজনিৰ পৰা নামনিলৈকে বছৰৰ প্ৰথমটো বানপানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল। সংহাৰী ৰূপ ধাৰণ কৰা বছৰৰ প্ৰথমটো বানপানীয়ে জলমগ্ন কৰিলে ২৭ খনকৈ জিলা। বৰ্তমানলৈকে ৰাজ্যত বানপানী আৰু ভূমিস্খলনৰ ফলত মৃত্যুৰ মুখত পৰিছে ৯ জনকৈ লোক।

ইফালে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত অধিক সংহাৰী ৰূপ ধাৰণ কৰিছে বানপানীয়ে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ পানীয়ে বুৰাই পেলাইছে মানকাচৰৰ বিস্তীৰ্ণ অঞ্চল। বানপানীৰ ফলত বদৰুদ্দিন আজমলৰ আদৰ্শ গাঁও পঞ্চায়ত কুচনীমাৰাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত প্ৰায় এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ ফলত গাৰো পাহাৰৰ পৰা নামি অহা পানীয়ে মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰিছে। গাৰো পাহাৰৰ পানীনে খেতি পথাৰ বুৰাই পেলোৱাৰ ফলত কৃষকৰ শস্য পথাৰতে নষ্ট হব’লৈ ধৰিছে। বিশেষকৈ সাংসদ বদৰুদ্দিন আজমলৰ আদৰ্শ গাঁও পঞ্চায়ত কুচনীমাৰা জোৰডাঙ্গাৰ শ শ কৃষকৰ ধান খেতিৰ লগতে পাচলি খেতি পানীয়ে জলমগ্ন কৰিছে।

পঞ্চায়তখনৰ প্ৰায় ৮০ শতাংশ লোক পাচলি খেতি কৰি উপাৰ্জন কৰে। সকলো ধৰণৰ পাচলি খেতি পানীয়ে জলমগ্ন কৰাত কৃষকৰ ফচল নষ্ট হ’বলৈ ধৰিছে। বৃহস্পতিবাৰে পুৱাৰ ভাগৰ পৰাই সৰু পাহাৰৰ পানীয়ে ন ন অঞ্চল বুৰাই পেলাইছে। কৃষক সকলে পানীৰ মাজৰ পৰা ধান কাটি আনিবলগীয়া হৈছে। পাচলিৰ লগতে ধান খেতি পানীৰ তলত ডুব যোৱাৰ ফলত কৃষক সকল বৃহৎ লোকচানৰ সম্মুখীন হ’ব।