আজিজ আলী
মুকালমুৱা : মুকালমুৱাৰ লাৰকুছিত শোকাৱহ ঘটনা। মুকালমুৱাৰ লাৰকুছিত পুখুৰীত পৰি এটি ডেৰ বছৰীয়া কন্যা শিশুৰ সলিল সমাধি। খেলি থাকোতে হঠাৎ ডেৰ বছৰীয়া কন্যা শিশুটিৰ পুখুৰীত পৰি সলিল সমাধি ঘটে।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত লাৰকুছিত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। লাৰকুছিত পুখুৰীত পৰি এটি ডেৰ বছৰীয়া কন্যা শিশুৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। শিশুটিৰ নাম আতিফা বেগম বুলি জানিব পৰা গৈছে।

লাৰকুছিৰ গাঁৱৰ আমিৰচান্দ নামৰ লোকজনৰ ডেৰ বছৰীয়া কন্যা আতিফা বেগম ঘৰৰ সন্মুখত খেলি থকা অৱস্থাত হঠাৎ পুখুৰীত পিচলি পৰে। পৰিয়ালৰ লোকে শিশুটিক পুখুৰীৰ পৰা উদ্ধাৰ কৰি মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে শিশুটোক মৃত বুলি ঘোষণা কৰে।