মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ঝাউডাঙা গাঁও পঞ্চায়তত মানকাচৰৰ বিধায়ক আমিনুল ইছলামে বৈজ্ঞানিক পদ্ধতিৰে ধান খেতি কৰিবলৈ যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ সজুলিৰ শুভ উদ্বোধন কৰে। বিশ্ব বেংকৰ এপাৰ্চ আঁচনিৰ জৰিয়তে চৰকাৰে হাটশিঙিমাৰী কৃষক উৎপাদক কোম্পানী চমুকৈ এফ পি চিৰ অধীনত কাষ্টম নিয়োগ কেন্দ্ৰক বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰিবলৈ বিভিন্ন যান্ত্ৰিক সজুলি অনুদান দিছে।

কৃষক সকলে কম খৰচত কৃষি কাৰ্য কৰিবলৈ চৰকাৰে অনুদান দিয়া যান্ত্ৰিক সজুলি সমূহ কাৰ্যকৰি কৰিবলৈ হাটশিঙিমাৰী জিলা কৃষি বিভাগৰ সহযোগত কাষ্টম নিয়োগ কেন্দ্ৰই জিলাখনত প্ৰথমবাৰৰ বাবে ঝাউডাঙা গাঁও পঞ্চায়তত যান্ত্ৰিক ধান ৰোপণ সজুলিৰ শুভ উদ্বোধন কৰে। মানকাচৰৰ বিধায়ক আমিনুল ইছলামে শুভ উদ্বোধন কৰা এই অনুষ্ঠানত জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়া মইনুল হক, হাটশিঙিমাৰী এফ পি চিৰ মুখ্য কাৰ্যবাহী বিষয়া মইলুল হক, ঝাউডাঙা ইউকো বেংকৰ শাখা প্ৰবন্ধক ৰশিদ জামানৰ লগতে কেবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে ধান খেতি কৰিবলৈ কৃষক সকলে প্ৰতি ১ বিঘা ভূমিত ধান ৰুবলৈ প্ৰায় ৩ হেজাৰ টকা খৰচ কৰিব লগীয়া হয়। কিন্তু এতিয়াৰে পৰা এই ধান ৰোপণ যান্ত্ৰিক সজুলি ব্যৱহাৰ কৰি কৃষক সকলে ধান খেতি কৰিলে এক বিঘা ভূমিত ধান ৰুৱলৈ মাত্ৰ ৩০০ টকা খৰচ কৰিব লগীয়া হ’ব। এই মেচিনৰ দ্বাৰা জিলাখনৰ কৃষক সকল উপকৃত হ’ব বুলি জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়াই জানিবলৈ দিয়ে। কৃষক সকল অতি কম খৰচত অধিক লাভাম্বিত হোৱাৰ বাবে এই যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ কৰিবলৈ বিধায়ক আমিনুল ইছলামে কৃষক সকলক আহ্বান জনায়।