যোৰাবাট : নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যোৰাবাট আৰক্ষীৰ আন এক বৃহৎ সাফল্য। যোৰাবাট আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে ৮০০ কেজি গাঞ্জা। এজন গাঞ্জা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে যোৰাবাট আৰক্ষীয়ে।

ড্ৰাগছৰ লগতে অন্যান্য নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। প্ৰতিদিনে আৰক্ষীৰ এই অভিযানত জব্দ হৈছে বিভিন্ন প্ৰকাৰৰ নিচাযুক্ত দ্ৰব্য। কেতিয়াবা যদি ড্ৰাগছ, কেতিয়াবা আকৌ গাঞ্জা জব্দ হৈছে আৰক্ষীৰ অভিযানত।

অসম আৰক্ষীৰ এই ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলা অভিযানত যোৰাবাট আৰক্ষীয়ে ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে। যোৰাবাট আৰক্ষীয়ে এই সাফল্যৰ ধাৰা অব্যাহত ৰাখি পুনৰ এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ৮০০ কেজি গাঞ্জা জব্দ কৰি এই সাফল্য লাভ কৰিছে যোৰাবাট আৰক্ষীয়ে।

এই গোপন খবৰৰ ভিত্তিত অভিযান চলাই শনিবাৰে যোৰাবাট আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জা। মণিপুৰৰ পৰা অহা এখন ট্ৰাকত তালাচী চলাই যোৰাবাট আৰক্ষীয়ে ট্ৰাকখনৰ পৰা জব্দ কৰে গাঞ্জাখিনি। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

এজন ট্ৰাকযোগে মণিপুৰৰ পৰা অনা এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি তামিলনাডুলৈ নিয়াৰ সময়তে যোৰাবাট আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে। গাঞ্জাখিনিৰ লগতে কে আনবালাগান নামৰ এজন গাঞ্জা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে যোৰাবাট আৰক্ষীয়ে। গাঞ্জা সৰবৰাহকাৰীজনক আৰক্ষীয়ে জেৰা চলাই আছে।