গুৱাহাটী : মহানগৰীত পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বাইকত অহা দুই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে আদেশ যাদৱ নামৰ এজন ব্যৱসায়ীক। গুলী চালনা কৰি দুই দুৰ্বৃত্তৰ পলায়ন। স্থানীয় ৰাইজে জব্দ কৰে দুই দুৰ্বৃত্তই ব্যৱহাৰ কৰা বাইকখন। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত আৰম্ভ।

সোমবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ছাত্ৰীবাৰীত এখন বাইকত আহি দুই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে আদেশ যাদৱ নামৰ এজন ব্যৱসায়ীক। গুলী চালনা কৰিয়ে দুৰ্বৃত্ত দুটাই পলায়ন কৰে যদিও বাইখনৰ ৰাইজে জব্দ কৰে।

আদেশ যাদৱে বসবাস কৰা গোপী মেনশ্যন নমাৰ এপাৰ্টমেণ্টৰ সন্মুখত নিশা দুই দুৰ্বৃত্তই বাইকত আহি আদেশ যাদৱক গুলীয়াই যায়। বুকুত গুলী লাগি গুৰুত্বৰভাৱে অহাত হোৱা আদেশ যাদৱক আঠগাঁওস্থিত মাৰোৱাৰী চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় আদেশ যাদৱৰ।

ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্ত বিষয়াক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। গুলী চালনা কৰা দুই দুৰ্বৃত্তই ব্যৱহাৰ কৰা এএছ-১৩-ডি-৪০৩৩ নম্বৰৰ বাইকখন মহম্মদ আব্বাছ আলী নামৰ এজন লোকৰ নামত পঞ্জীয়ন হৈ আছে। হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ব্যৱসায়িক কাৰণ এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।