গুৱাহাটী : কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নিচামুক্ত ভাৰত ‘অভিযান’। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা সমাজ কল্যাণ বিভাগে সোমবাৰৰ পৰা আৰম্ভ কৰা ‘নিচামুক্ত ভাৰত অভিযান’ৰ এক সজাগতামূলক কাৰ্যসূচীৰ লগত সংগতি ৰাখি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা, জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰাৰ উপৰি কেবাটাও বিভাগৰ মূৰব্বী বিষয়া, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, সংগীত শিল্পী সংগীতা কাকতি, জীনা ৰাজকুমাৰী, চিকিৎসক ডা: জয়ন্ত দাস, মনোৰোগ পৰামৰ্শদাতা স্বপ্নালী মহন্ত, আৰু বহু বেচৰকাৰী সংস্থাৰ বিষয়া-বৰ্গ উপস্থিত থকা এই সভাত এখন নিচামুক্ত সমাজ গঢ়াৰ বিষয়টোত সুগভীৰ আলোকপাত কৰা হয়। সভাত উপায়ুক্ত পল্লৱ গোপাল ঝায়ে সমাজ কল্যাণ বিষয়াগৰাকীক কোনো ব্যক্তি পুনৰ সংস্থাপন কেন্দ্ৰ (ৰিহেবিলিটিশ্বন চেন্টাৰ) ৰ পৰা ওলোৱাৰ পিছত কি কৰে বা পুনৰ নিচাৰ প্ৰতি আসক্ত হয় নেকি ইত্যাদি সুক্ষ্মভাৱে নীৰিক্ষণ কৰাৰ এটা ‘একশ্বন প্লেন’ প্ৰস্তুত কৰি এসপ্তাহৰ ভিতৰত উপায়ুক্তগৰাকীক দাখিল কৰিবলৈ কয়।

তেনেদৰে বিদ্যালয় পৰিদৰ্শকগৰাকীক কোনো ছাত্ৰ-ছাত্ৰী যাতে নিচাৰ প্ৰতি আসক্ত হ’ব নোৱাৰে, তাৰ বাবে প্ৰতিখন বিদ্যালয়তে উপযুক্ত পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে। আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন ভ্ৰাম্যমান বাহন ফ্লেগ অফ্ কৰে উপায়ুক্তগৰাকীয়ে। নিচামুক্ত অভিযানৰ বিভিন্ন সজাগতামূলক বাৰ্তালৈ এই বাহনখন জিলাখনৰ বিভিন্ন প্ৰান্তত চলোৱা হ’ব।