আজিজ আলী

মুকালমুৱা : মুকালমুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য। ড্ৰাগছ আৰু নগদ ধনসহ এজন ড্ৰাগছ সৰবৰাহকাৰী মুকালমুৱা আৰক্ষীৰ জালত। ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰত আৰক্ষীয়ে চিলাইছি অভিযান।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। এক গোপন খবৰৰ ভিত্তিত মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।

মুকালমুৱাৰ ১ নং লোহাৰকাঠাত আভিযান চলাই মুকালমুৱা আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী ফইজুল হকক। ড্ৰাগছ সৰবৰাহকাৰী ফইজুল হকৰ ঘৰৰ পৰা মুকালমুৱা আৰক্ষীয়ে জব্দ কৰে ১০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু নগদ চাৰি হাজাৰ টকা।

ফইজুল হকে নিজৰ ঘৰতে মজুত ৰাখিছিল ড্ৰাগছ কন্টেইনাৰ সমূহ।
ফইজুল হকে দীৰ্ঘদিন ধৰি মুকালমুৱাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি থকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী ফইজুল হকক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।