গৰৈমাৰী : গৰৈমাৰীত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত লাল মিঞা নামৰ এজন লোকৰ দুটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰাত অঞ্চলটোৰ বহু কেইটা ঘৰ জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে।

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ অন্তৰ্গত উত্তৰ লাৰুৱাজানত সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত লাল মিঞা নামৰ এজন লোকৰ দুটা ঘৰৰ লগতে চাৰিটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় ১৫ লাখ টকাৰ সম্পত্তি জুইত জাহ যায়।

লাল মিঞা নামৰ লোকজনৰ ঘৰত বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত ঘটে। জুইৰ লেলিহান শিখা লাল মিঞাৰ ঘৰৰ কাষতে থকা চাৰিটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ বিয়পি পৰে আৰু লাল মিঞাৰ দুটা ঘৰৰ লগতে চাৰিটা ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই ৰাইজে জুই নিৰ্বাপক কৰিবলৈ সক্ষম হয়। এই বিধ্বংসী অগ্নিকাণ্ডত দুটাকৈ ঘৰ ভস্মীভূত হোৱাত লাল মিঞাৰ পৰিয়ালটো গৃহহীন হৈ পৰিছে।