গোসাইগাঁও : গোসাইগাঁৱত সংঘটিত হৈছে এক অপ্ৰীতিকৰ ঘটনা। এজন গৃহৰক্ষী জোৱানৰ অশ্লীল ইংগিত এগৰাকী মহিলাক। প্ৰথমে মহিলাক অশ্লীল ইংগিত, ইয়াৰ পিছতে গুলী চালনা কৰে গৃহৰক্ষী জোৱানজন। ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত।

সোমবাৰে দুপৰীয়াৰ ভাগত গোসাইগাঁও মহকুমাৰ সত্যপুৰত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়। স্বামীৰ লগত গৈ থকা এগৰাকী মহিলাক অশ্লীল ইংগিত দিয়ে এজন গৃহৰক্ষী জোৱানে। মহিলা গৰাকীয়ে স্বামীয়ে ইয়াকেলৈ প্ৰতিবাদ সাব্যস্ত কৰাত গৃহৰক্ষী জোৱানজনে ভুক্তভোগী দম্পতি হালক লক্ষ্য কৰি গুলী চালনা কৰে।

গৃহৰক্ষী জোৱানজনে নিজৰ চাৰ্ভিজ কাৰ্বাইনেৰে ভুক্তভোগী দম্পতি হালক লক্ষ্য কৰি ছয় জাই গুলী চালনা কৰে। ইয়াৰ পিছতে ঘটনাস্থলীত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত থকা গৃহৰক্ষী জোৱানজনৰ সতীৰ্থ সকলে বাধা প্ৰদান কৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে সত্যপুৰ।

ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ গোসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি বাইলুং গুলী চালনা কৰা গৃহৰক্ষী জোৱান সমল মুছাহাৰীক আটক কৰে। গোসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে অভিযুক্ত জোৱানজনক গোসাইগাঁও থানাত লৈ আহে।

এই ঘটনাৰ পিছতে গোসাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযুক্ত গৃহৰক্ষী জোৱানজনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে গোসাইগাঁবৰ সচেতন ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে। সদৌ চাওতাল ছাত্ৰ সন্থাই এই ঘটনাৰ বিৰুদ্ধে সত্যপুৰস্থিত গৃহৰক্ষী জোৱানৰ বেৰেকৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।