নগাঁও : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষী। নগাঁও আৰক্ষীয়ে গুলীয়ালে (Nagaon Police Firing) এজন নিৰীহ যুৱকক। নগাঁও আৰক্ষীৰ গুলীত আহত যুৱকজন চিকিৎসালয়ত ভৰ্তি। ডকাইত ধৰিবলৈ গৈ নিৰীহ যুৱকক গুলীয়ালে নগাঁও আৰক্ষীয়ে।

সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে পৃথকে পৃথকে দুঠাইত ডকাইতৰ বিৰুদ্ধে অভিযান চলায়। ৰূপহীহাটৰ গুণাবাৰীত নগাঁও আৰক্ষীয়ে অভিযান চলাই পিষ্টলসহ দুজন দুৰ্ধৰ্ষ ডকাইটক গ্ৰেপ্তাৰ কৰে। ধৃত ডকাইত দুজন ক্ৰমে জাহিৰ হাচান আৰু জামাল উদ্দীন। ডকাইত দুজনৰ পৰা আৰক্ষীয়ে আৰক্ষীয়ে ২ জাই সজীৱ গুলীসহ পইণ্ট ৬.৩৫ এম এম পিষ্টল এটা উদ্ধাৰ কৰে।

এক গোপন খবৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ ৰয়ৰ নেতৃত্বত ৰূপহীহাট আৰক্ষীয়ে এই অভিযান চলাইছিল। ইফালে আন এটা অভিযান চাবলৈ গৈ আৰক্ষীয়ে এজন নিৰীহ যুৱকক গুলীয়াই। শিঙিমাৰীত জহিৰ আলম নামৰ আন এজন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ গৈ আৰক্ষীয়ে গুলী চালনা কৰাত এজন নিৰীহ যুৱক আহত হয়।

নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে জানিবলৈ দিয়ে যে জহিৰ আলমক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীৰ দলটোৱে বাইকত অহা এজন যুৱকক বাইকখন ৰখাবলৈ দিয়ে কিন্তু যুৱকজন বাইক নৰখোৱাৰ বাবে আৰক্ষীয়ে যুৱকজনৰ বাইকৰ টায়াৰত লক্ষ্য কৰি গুলী চালনা কৰে আৰু গুলী যুৱকজনৰ ভৰিত লাগে। আৰক্ষীয়ে আহত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰে বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

ইফালে গুলীবিদ্ধ ৰাজিবুল হক নামৰ যুৱকজনে কয় যে তেওঁ বাইক ৰাখিছিল যদিও আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীয়ে যুৱকজনক ঘটনাস্থলীতে এৰি আঁতৰি যায় বুলিও যুৱকজনে অভিযোগ কৰে। যুৱকজন নিজে চিকিৎসালয়লৈ যায় বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে নগাঁও আৰক্ষীয়ে কীৰ্তি কমল বৰা নামৰ এজন নিৰীহ যুৱকক ড্ৰাগছৰ বেহাৰ লহত জড়িত থাকৰ অভিযোগত গুলীয়াই আহত কৰিছিল।