Shivani Saikia
গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ ঘটনা। হাত, ভৰি আৰু কঁকালৰ জোৰা ভাঙিলে কণিষ্ঠ ছাত্ৰৰ। বিশ্ববিদ্যালয় কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক।

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ৰেগিংৰ ঘটনা। উজনী অসমৰ উচ্চ শিক্ষাৰ একমাত্ৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যত কালিমা সানিলে বিশ্ববিদ্যাল়য়খনৰ জ্যেষ্ঠ ছাত্ৰ লগতে প্ৰাক্তন ছাত্ৰই। যিসময়ত ৰেগিং প্ৰথা বন্ধ কৰাৰ বাবে শিক্ষানুষ্ঠান সমূহৰ কতৃপক্ষই কঠোৰ পদক্ষেপ হাতত লৈ আহিছে, সেইসময়তে ডিব্ৰগড় বিশ্ববিদ্যালয়ত ৰাজ্য জোকাৰি যোৱা এক জঘন্য ৰেগিংকাণ্ড সকলোৰে বাবে চিন্তনীয় বিষয় হৈ পৰিছে।

ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱাৰ ছাত্ৰাবাসত সংঘটিত হোৱা এক ভয়ংকৰ ৰেগিংৰ ঘটনাই কঁপাইছে অসম। ওৰে নিশা জ্যেষ্ঠ ছাত্ৰই অকৈথ্য নিৰ্যাতন চলালে কণিষ্ঠ ছাত্ৰক। ৰেগিংৰ নামত হাত, ভৰি আৰু কঁকালৰ জোৰা ভাঙিলে কণিষ্ঠ ছাত্ৰৰ। ৰেগিংৰ নামত চাল নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ ছাত্ৰাৱাসৰ দ্বিতীয় মহলাৰ পৰা জপিঁয়ালে নিৰ্যাতিত নৱাগত ছাত্ৰই। বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমৰ আই চি ইউত সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে ছাত্ৰজন। নিৰ্যাতনৰ বলি হোৱা ছাত্ৰজনৰ নাম আনন্দ মিশ্ৰ।

ইফালে অভিযোগ উত্থাপন হৈছে যে ছাত্ৰাবাসৰ কতৃপক্ষক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল কতৃপক্ষই। ৰেগিংৰ পৰিৱৰ্তে স্নানাগাৰত পৰিহে নিৰ্যাতনৰ বলি হোৱা ছাত্ৰজন আহত হোৱা বুলি মন্তব্য প্ৰকাশ কৰিছিল ছাত্ৰাৱাস কতৃপক্ষই। ইমান ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতো ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ কতৃপক্ষই কোনো ধৰণ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিশ্ববিদ্যাল়য়খনত অধ্যয়নৰত একাংশ ছাত্ৰ-ছাত্ৰীয়ে।

জানিব পৰা মতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিংৰ নামত প্ৰতি বছৰে নৱাগত ছাত্ৰৰ ওপৰত নিৰ্যাতন চলায় জ্যেষ্ঠ ছাত্ৰই। এইবছৰো তাৰ ব্যতিক্ৰম নহ’ল। একাদশ শ্ৰেণীৰ আনন্দ শৰ্মা নামৰ ছাত্ৰজনৰ লগতে কেইবাজনো সহপাঠী ছাত্ৰক ৰেগিংৰ নামত নিৰ্যাতন চলাই আহিছিল জ্যেষ্ঠ ছাত্ৰই। যি কথা ছাত্ৰাবাসখনৰ ৱাৰ্দেনক অৱগত কৰিছিল আনন্দ শৰ্মাই। কিন্তু ইয়াৰ পিছত আনন্দ শৰ্মাৰ ওপৰত অত্যাচাৰ দুগুনে বৃদ্ধি পাইছিল। ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাৰ মাতৃৰ অভিযোগ মতে বিষয়টোৰ ওপৰত কঠোৰ পদক্ষেপ লোৱাৰ সলনি বিষয়টো গাপ দিয়াৰহে চেষ্টা কৰিছিল বিশ্ববিদ্যালয়ৰ লগতে ছাত্ৰাবাসৰ কতৃপক্ষই। আৰক্ষী তথা সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকিবলৈও একাংশ ছাত্ৰই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে।

জানিব পৰা মতে ৰাহুল ছেত্ৰী নামৰ এজন প্ৰাক্তন ছাত্ৰৰ নেতৃত্বতেই ছাত্ৰাবাসত চলিছিল এই ৰেগিংৰ নামত নিৰ্যাতন। ২০১৭ চনৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সভাৰ সভাপতি আছিল ৰাহুল ছেত্ৰি। বৰ্তমান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক ৰাহুল ছেত্ৰী। বিশ্ববিদ্যালয় কতৃপক্ষই ঘটনাৰ লগত জড়িত ১৮ জন ছাত্ৰক সাময়িকভাৱে বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা বৰ্খাস্ত কৰিয়ে দায়িত্ব সামৰিলে বিশ্ববিদ্যালয় কতৃপক্ষই। যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজ।