বিলাসীপাৰা : ৰাজ্যত পুনৰ আৰক্ষীৰ গুলী চালনা। গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত নিহত এজন গৰু সৰবৰাহকাৰী। আন এজন গৰু সৰবৰাহকাৰী আৰক্ষীৰ গুলীত আহত হোৱাৰ লগতে এজন গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

অপৰাধীক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলী চালনা অব্যাহত আছে। শনিবাৰে ৰাজ্যত আৰক্ষীৰ দ্বাৰা দুটাকৈ গুলী চালনাৰ ঘটনা সংঘটিত হয়। ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰক্ষীয়ে গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি গুলী চালনা কৰাত এজন গৰু সৰবৰাহকাৰী থিতাতে নিহত হোৱাৰ লগতে আহত হয় এজন গৰু সৰবৰাহকাৰী।

আনহাতে আন এজন গৰু সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে গৰু সৰবৰাহকাৰীৰ এটা দলে এএছ-১৭-ই-০৮৩৭ নম্বৰৰ এখন টাটা ইণ্ডিগ’ বাহনেৰে গৰু সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই দলটোক আটক কৰিবলৈ চেষ্টা চলাওঁতে আৰক্ষীৰ চকুত ধূলি দি দলটো পলায়ন কৰোতে আৰক্ষীয়ে গুলী চালনা কৰে।

আৰক্ষীৰ গুলীত ছাকান আলী নামৰ এজন গৰু সৰবৰাহকাৰী থিতাতে নিহত হয়। আনহাতে আৰক্ষীৰ গুলীত নাছিৰ আলী নামৰ এজন গৰু সৰবৰাহকাৰী আহত হয়। আহত গৰু সৰবৰাহকাৰীজনক চিকিৎসা বাবে ধুবুৰী অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে ছহিদুল আলী নামৰ আন এজন গৰু সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে।