আজিজ আলী
মুকালমুৱা : টুলুঙা নাৱৰ পৰা পৰি ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ। চাৰি দিন পূৰ্বে টুলুঙা নাৱৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হওঁতে যুৱকজন ব্ৰহ্মপুত্ৰ নদীত পৰি সন্ধানহীন হৈছিল। এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ চৰাঞ্চলৰ এজন যুৱক চাৰি দিন পূৰ্বে টুলুঙা নাৱৰ পৰা পৰি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সন্ধানহীন হৈছিল। বিগত চাৰি দিন ধৰি যুৱকজনৰ উদ্ধাৰ অভিযান চলাই অৱশেষত দেওবাৰে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে ব্ৰহ্মপুত্ৰ নদীৰ বুকুৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

টুলুঙা নাৱৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হওঁতে নাৱৰ পৰা পৰি ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈ পৰিছিল ৩৫ বছৰীয়া যুৱকজন৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ভাংনামাৰী আৰক্ষী চকীৰ ছৈয়েদ আলী চৰত সংঘটিত হৈছিল এই কৰুণ ঘটনা। পত্নীক লগত লৈ টুলুঙা নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হ‌’বলৈ ধৰোতে নাৱৰ পৰা পৰি সন্ধানহীন হৈছিল যুৱকজন।

ভাংনামাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন দাস ঘটনাস্থলীত উপস্থিত হৈ নলবাৰীৰ এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীক খবৰ দিছিল। যুৱকজন ভাংনামাৰী নিবাসী কালু মিঞাৰ জ্যেষ্ঠ পুত্ৰ ফাইজুৰ ৰহমান। দেওবাৰে ৰাতিপুৱা ভাগত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।