গুৱাহাটী : গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। তীব্ৰ বেগী ফ’র্ড এণ্ডিভ বাহন এখনে খুন্দা মাৰিলে এল্টো আৰু বুলেটত। তীব্ৰ বেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন বুলেটত খুন্দা মাৰি পিছত এল্টো বাহনত খুন্দা মৰাত এজন লোক নিহত হোৱাৰ লগতে আহত হয় তিনিজনকৈ লোক।

মঙলবাৰে মহানগৰীৰ কামাখ্যা গেটত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। এখন তীব্ৰ বেগী ফ’র্ড এণ্ডিভ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এখন বুলেটক মহতিয়াই নি খুন্দা মাৰে এখন এল্টো বাহনত। পথ দুৰ্ঘটনাটোত অহাত তিনিজন লোকক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

তীব্ৰ বেগী ফ’ৰ্ড এণ্ডিভা বাহনখনে মহতিয়াই নিয়া বুলেট আৰু এল্টোখন এখন দেৱাল ভাঙি সোমাই যায়। ইফালে পথৰ ওপৰতে বাগৰি পৰে দুর্ঘটনা সংঘটিত কৰা ফ’ৰ্ড এণ্ডিভা বাহনখন। এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা লোকজন প্ৰশান্ত ছাকছেন বুলি চিনাক্ত কৰা হৈছে।

অহাত আন তিনিজন লোক ক্ৰমে জ্যোতিৰ্ময় কুমাৰ দাস, মুনমু তালুকদাৰ আৰু দীপাংকৰ দাস বুলি জানিব পৰা গৈছে। পথ দুৰ্ঘটনাৰ পিছতে দুর্ঘটনাস্থলীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। একাংশ উত্তেজিত লোকে আৰক্ষীৰ ওপৰতো আক্ৰমণৰ চেষ্টা চলায় যদিও বহু সময় ধৰি প্ৰচেষ্টা চলাই আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।