ক্ষেত্ৰী : ক্ষেত্ৰীত বনৰীয়া হাতীৰ সন্ত্ৰাস। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা শিশুসহ এটি পৰিয়ালৰ। বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে পৰিয়ালৰটোৰ বাসগৃহ। উজাগৰী নিশা কটায় অঞ্চলটোৰ ৰাইজ। অঞ্চলবাসী ৰাইজ আতংকিত হৈ আছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বনাঞ্চল সংকুচিত হোৱাৰ ফলত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি মানুহৰ ঘৰ দুৱাৰ লণ্ডভণ্ড কৰাৰ লগতে বিভিন্ন সময়ত মানুহৰ ওপৰত আক্ৰমণ চলায়।

বনৰীয়া হাতী আৰু মানুহৰ এই সংঘাতত ইতিমধ্যে বহু লোক আৰু বহু বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাইছে। সোমবাৰে নিশা মহানগৰী গুৱাহাটীৰ কাষৰীয়া অঞ্চল ক্ষেত্ৰীত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে শিশুসহ এটি পৰিয়ালৰ। ক্ষেত্ৰীৰ বেঙেনাবাৰীত সংঘটিত হয় এই ঘটনা।

নিশা ক্ষেত্ৰীৰ বেঙেনাবাৰীৰ কাৰ্তিক ডেকা নামৰ এজন লোকৰ বাসগৃহত বনৰীয়া হাতী প্ৰৱেশ কৰি কাৰ্তিক ডেকাৰ বাসগৃহত তাণ্ডৱ চলায়। কাৰ্তিক ডেকাৰ বাসগৃহৰ বেৰ ভাঙি বাসগৃহত প্ৰৱেশ কৰি সকলো সামগ্ৰী লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে শিশুসহ কাৰ্তিক ডেকাৰ পৰিয়ালৰ।

প্ৰকাণ্ড বনৰীয়া হাতীটো বাসগৃহত প্ৰৱেশ কৰাত বাসগৃহ এৰি পলায়ন কৰে কাৰ্তিক ডেকাৰ পৰিয়ালৰ সকলো লোক। পৰিয়ালটোৰ লগতে অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা কটাব লগীয়া হয়। বনৰীয়া হাতীটোৰ তাণ্ডৱত নিশা অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰে।