আজিজ আলী
নলবাৰী : মৃত্যুদূতত পৰিণত হৈছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ। দৈনিক ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’বলৈ ধৰিছে এটাৰ পিছত এটা ভয়ংকৰ পথ দুর্ঘটনা। শুকুৰবাৰে পুনৰ কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তৱৰ্তী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নোনাপাৰত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়।

নোনাপাৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে এজন লোক নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হয় দুজনকৈ লোক। নলবাৰী দিশৰ পৰা অহা এএছ-০১-এমচি-৯৬৭২ নম্বৰৰ ব্ৰইলাৰ ভৰ্তি বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দা মাৰে নোনা নৈৰ ওপৰত থকা দলঙৰ ৰেলিংত।

দুর্ঘটনাস্থলীত উপস্থিত থকা স্থানীয় লোকে ততাতয়াকৈ দুৰ্ঘটনাত পতিত হোৱা ব্ৰইলাৰ ভৰ্তি বাহনখনৰ পৰা তিনিজনকৈ লোকক উদ্ধাৰ কৰে যদিও এজন লোক থিতাতে নিহত হয়। আনহাতে আহত দুজন লোকক সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে।

পথ দুৰ্ঘটনাত নিহত হোৱা লোকজনৰ লগতে গুৰুত্বৰভাৱে আহত লোক দুজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। উল্লেখ্য যে বিগত সময়ছোৱাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেইবাটাও ভয়ংকৰ পথ দুর্ঘটনাত কেইবাজনো লোক নিহত আৰু আহত হৈছে। ক্ৰমাৎ মৃত্যুদূতত পৰিণত হ’বলৈ ধৰিছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।