গুৱাহাটী : ১০ মে’ৰ ভিতৰত ১ লাখ নিবনুৱাক নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দাবীত ৰাইজৰ দলৰ প্রতিবাদী কাৰ্যসূচী। গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলীত ৰাইজৰ দলে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰতি বছৰে ১ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু চৰকাৰ গঠনৰ পিছত বৰ্তমানলৈকে চৰকাৰে এই প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ দলে প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন চৰকাৰ বিৰোধী প্ৰতিবাদী শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিজেপি চৰকাৰৰ তীব্ৰ সমালোচনা কৰি কয় “নিবনুৱাক নিযুক্তি দিয়াত চৰকাৰখন বিফল হৈছে। সৰ্বানন্দ সোণোৱালৰ দিনত যিমান নিযুক্তিৰ বাবে যিমান পৰীক্ষা অনুষ্ঠিত হৈছিল সকলো পৰীক্ষাতে দুৰ্নীতি সংঘটিত হৈছিল আৰু এজনো নিবনুৱাই নিযুক্তি নাপালে”।

বিধায়ক অখিল গগৈয়ে আৰু কয় “বর্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবছৰে ১ লাখ নিবনুৱাক নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ এবছৰ ১০ মে’ত সম্পূৰ্ণ হ’ব, গতিকে চৰকাৰেখনে কেতিয়া ১ লাখ নিব নুৱাক নিযুক্তি দিব”? বিজেপি চৰকাৰখনে ভুৱা প্ৰতিশ্ৰুতি আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে ৰাইজক মূল বিষয়ৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিছে বুলিও কয় বিধায়ক গৰাকীয়ে।

পৌৰসভা নিৰ্বাচনত ৰাইজৰ দল বিফল হোৱা সন্দৰ্ভত মন্তব্য কৰি বিধায়ক অখিল গগৈয়ে কয় “আমি হাৰিছোঁ, সেইয়া স্বীকাৰ স্বীকাৰ কৰিছোঁ, কিন্তু আমি হাৰিছোঁ টকা, মদ, মাংসৰ বিজেপিৰ লেটাৰ ৰাজনীতিত”।বিজেপিয়ে টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে, শিৱসাগৰত বিজেপিয়ে টকা, মদ বিলাই ভোট লোৱা নিজেই দেখিছোঁ বুলিও কয় বিধায়ক অখিল গগৈয়ে।