গুৱাহাটী : নিশা গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত নিহত এজন। নিশা এক ভয়ংকৰ পথ দুর্ঘটনাত গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত নিহত এজন লোক। ঘটনাস্থলীত বহু পলমকৈ আৰক্ষী আৰু এম্বুলেন্সক উপস্থিত হোৱাৰ অভিযোগ।

বিহুৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনাটোত এজন লোক নিহত হোৱাৰ লগতে আহত হয় আন এজন লোক।

নিশা গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত এএছ-০১-এফএ-৫৮১০ নম্বৰৰ এখন মটৰ চাইকেল নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় এজন মটৰ চাইকেল আৰোহী। মটৰ চাইকেলখনত দুজন লোক আছিল।

মটৰ চাইকেলখনৰ আনজন আৰোহী গুৰুত্বৰভাৱে আহত হয়। আহত লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। ইফালে পথচাৰীয়ে অভিযোগ কৰে যে বহু পলমকৈ আৰক্ষী আৰু এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয়।