ফকিৰগঞ্জ : ফকিৰগঞ্জত ধুমুহা-বৰষুণৰ তাণ্ডৱ। ফকিৰগঞ্জত ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বান্ধি থোৱা ১৫ খনকৈ নাও ধুমুহা-বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীত ডুব যায়।

দেওবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নামনি অসমত ধুমুহা-বৰষুণে তাণ্ডৱলীলা চলায়। বিশেষকৈ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে। ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বান্ধি থোৱা ১৫ খনকৈ নাও ধুমুহা-বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীত ডুব যায়।

পুৱাৰ ভাগত ৰাইজে ব্ৰহ্মপুত্ৰ নদীৰ পৰা ১১ খনকৈ নাও উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বর্তমানলৈকে ৪ খনকৈ নাও ব্ৰহ্মপুত্ৰ নদীত বুকুত সন্ধানহীন হৈ আছে। ইফালে ধুমুহা-বৰষুণৰ ফলত ফকিৰগঞ্জৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে।

ফকিৰগঞ্জৰ বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰে। বহু লোকৰ ঘৰৰ ওপৰত গছ বাগৰি পৰাত বিস্তৰ ক্ষতি সাধন হয়। বহু ঠাইত পথৰ ওপৰত গছ বাগৰি যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। বহু অঞ্চলত বিদ্যুৎ সেৱাও বন্ধ হৈ আছে।