গুৱাহাটী : কংগ্ৰেছৰ বাবে আন এক বেয়া খবৰ। কংগ্ৰেছ দল ত্যাগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গৰাকীয়ে যোগদান কৰিলে তৃণমূল কংগ্ৰেছত।

ৰাজ্যসভা নিৰ্বাচনত পৰাজয় হোৱাৰ পিছতে কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ। দেওবাৰে ৰিপুন বৰাই কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে।

ৰিপুন বৰাই দেওবাৰে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভানেত্ৰী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিয়ে কলকাতাত উপস্থিত হৈ তৃণমূল কংগ্ৰেছত যোগদান কৰে।তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীৰ উপস্থিতিত ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰে।

ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সময়ত তৃণমূল কংগ্ৰেছৰ অসমৰ নেত্ৰী সুস্মিতা দেৱ উপস্থিত আছিল বুলি জানিব পৰা গৈছে। সুস্মিতা দেৱ কিছুদিন পুর্বে কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। ৰিপুন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিব বুলি বিগত কিছুদিন ধৰি ব্যাপক চৰ্চা চলি আছিল।