আজিজ আলী

নলবাৰী : নলবাৰীত এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত হৈছে এজন যুৱক। পথৰ কাষত ৰাইজৰ উদ্ধাৰ কৰে এজন যুৱকৰ মৃতদেহ আৰু স্কুটী। দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত।

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। স্কুটীসহ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পৰি থকা অৱস্থাত এজ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে ৰাইজে। মৃত যুৱকজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰীৰ বলাকুছিৰ সমীপত সংঘটিত হোৱা এই পথ দুর্ঘটনাক কেন্দ্র কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।যুৱকজনৰ কাষতে স্কুটীখন পৰি থকা দেখি পথ দুৰ্ঘটনাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৰাইজে। যানবাহন আৰক্ষীৰ লোক দুর্ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। যুৱকজনৰ মৃতদেহৰ কাষত এএছ-১৫-এল-৬৬৭৯ নম্বৰৰ স্কুটী উদ্ধাৰ হৈছে। স্কুটীখন আৰক্ষীয়ে থানালৈ লৈ আহিছে।