নুৰুদ্দিন

বিলাসীপাৰা : কংগ্ৰেছ আৰু এআইইউডিএফ কৰ্মীয়ে ঢাপলি মেলিছে আম আদমি পাৰ্টীলৈ। কংগ্ৰেছ আৰু এআইইউডিএফৰ শতাধিক কৰ্মীয়ে যোগদনা কৰিছে আম আদমি পাৰ্টীত। আগন্তক পঞ্চায়ত আৰু বিধনাসভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলক প্ৰত্যাহ্বান জনোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে দলটোৱে।

কংগ্ৰেছৰ বিকল্প আম আদমি পাৰ্টী নেকি ? এতিয়া দেশৰ ৰাজনৈতিক মহলত ইয়াকে লৈ চলিছে ব্যাপক চৰ্চা। দিল্লীৰ পিছত পাঞ্জাৱৰ গাদী দখল কৰিবলৈ সক্ষম হোৱাৰ পিছতে আম আদমি পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈছে বহু লোক। বহু লোকে এতিয়া আম আদমি পাৰ্টীত যোগদান কৰি দলটোৰ লগত জড়িত হৈ পৰিছে।

দেশৰ অন্যান্য ৰাজ্য সমূহৰ লগতে অসমতো আম আদমি পাৰ্টীয়ে নিজকে এটা শক্তিশালী ৰাজনৈতিক দল হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে কাম কাজ চলাই আছে। এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৩৯ টাকৈ ৱাৰ্ডত প্ৰাৰ্থী প্ৰদান কৰি দলটোৱে যিদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে ইয়াৰ পৰা বুজিব পাৰি যে দলটোৰ লক্ষ্য আগন্তক বিধানসভাৰ নিৰ্বাচন।

আম আদমি পাৰ্টীয়ে সমষ্টিয়ে সমষ্টিয়ে নিজৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে তৃণমূল পৰ্যায়ৰ পৰা কাম আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইয়ৰে প্ৰমাণ পোৱা গ’ল ধুবুৰী জিলাৰ বিলাসী পাৰাত। বিলাসীপাৰাত দলটোৱে এক গণ যোগদান কাৰ্যসূচী ৰূপায়ন কৰি কংগ্ৰেছ আৰু এআইইউডিএফৰ ভেটি খহায়। শতাধিক কংগ্ৰেছ আৰু এআইইউডিএফ কর্মী আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে।

ধুবুৰী জিলা সমিতিৰ উদ্যোগত আম আদমি পাৰ্টীৰ এই গণ যোগদান কাৰ্যসূচীক নেতৃত্বত প্ৰদান কৰে অধিবক্তা মমিনুল ইছলামে। বিলাসীপাৰাৰ ডঃ বি আৰ আন্বেদকাৰ ভৱনত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত বিলাসীপাৰাৰ কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ শতাধিক কৰ্মীয়ে আম আদমি পাৰ্টীত যোগদান কৰে। বিধনাসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰী জিলাত দলৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য বুলি কয় অধিবক্তা মমিনুল ইছলামে।