চামগুৰি : চামগুৰিত ভয়ংকৰ পথ দুর্ঘটনা। এখন মটৰ চাইকেল আৰু মাৰুটি কাৰৰ মাজত হোৱা সংঘর্ষত এজন নিহত। পথ দুর্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই ৰাইজৰ পথ অৱৰোধ।

নগাঁও জিলাৰ চামগুৰিৰ আমবাগানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। এখন মটৰ চাইকেল আৰু মাৰুটি কাৰৰ মাজত হোৱা সংঘর্ষত এজন যুৱক থিতাতে নিহত হয়। নিহত যুৱকজন ছৰিফুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাৰ পিছতে অঞ্চলটোৰ স্থানীয় ৰাইজ ক্ষোভিত হৈ উঠে। ৰাইজে টায়াৰ জ্বলাই নগাঁও-নলতলি ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে। আমবাগানৰ অমৰ চাৰিআলিত সঘনাই পথ দুর্ঘটনা সংঘটিত হৈ থকাৰ বাবে ৰাইজে গতিৰোধকৰ ব্যৱস্থা কৰাৰ দাবী জনাই আহিছিল।

প্ৰশাসনে আমবাগানৰ অমৰ চাৰিআলিত গতিৰোধকৰ ব্যৱস্থা নকৰাত ৰাইজ ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে টায়াৰ জ্বলাই নগাঁও-নলতলি ৰাজ্যিক ঘাইপথ অৱৰোধ কৰাত তীব্ৰ যানযঁটৰ সৃষ্টি হয়। দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।