গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পুৰণি বিল্ডিংৰ দ্বিতীয় মহলাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। মহিলা গৰাকীৰ সন্তান চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। দ্বিতীয় স্বামীয়ে মহিলা গৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে মহিলা গৰাকীৰ মাতৃয়ে। 

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক অঘটন। এগৰাকী মহিলাৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পুৰণি বিল্ডিংৰ দ্বিতীয় মহলাত উদ্ধাৰ ।হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। ২১ বছৰীয়া আয়েছা খাটুন নামৰ এগৰাকী মহিলাৰ  মৃতদেহ উদ্ধাৰ হৈছে  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পুৰণি বিল্ডিংৰ দ্বিতীয় মহলাত।

মৃতদেহ উদ্ধাৰ হোৱা আয়েছা খাটুন নামৰ মহিলাগৰাকীৰ তিনি বছৰীয়া সন্তান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। নিশাৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মহিলা গৰাকী স্বামীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল বুলি জানিব পৰা গৈছে৷ মহিলা গৰাকী দ্বিতীয় স্বামী  হামি আলীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল।

মহিলা গৰাকীক দ্বিতীয় স্বামী হাদি আলীয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে মহিলা গৰাকীৰ মাতৃয়ে। কাজিয়াৰ সময়ত মহিলা গৰাকীৰ মাতৃ উপস্থিত আছিল। মহিলা গৰাকী পূৰ্বৰ স্বামীৰ লগত এতিয়াও সম্পৰ্ক বজাই ৰখাৰ সন্দেহ কৰি দ্বিতীয় স্বামীয়ে প্ৰায়ে কাজিয়াত লিপ্ত হোৱা বুলি মহিলা গৰাকীৰ মাতৃয়ে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।