জোনাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে গণপ্ৰহাৰৰ (Mob Lynching) ঘটনা। গণপ্ৰহাৰত মৃত্যু এজন লোকৰ। সোপাধৰাৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰা হয় এজন লোকক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। আৰক্ষীৰ তদন্ত অব্যাহত।

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক নৃশংস ঘটনা। গণপ্ৰহাৰত মৃত্যুৰ মুখত পৰিছে এজন লোক। মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে লোকজনক। এই নৃশংস ঘটনা সংঘটিত হৈছে জোনাইত। সোপাধৰাৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে। জোনাইৰ লাইমেকুৰীৰ বৈকুন্ঠপুৰ চাৰিআলিত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা।

উল্লেখ্য যে বিগত কিছুদিন ধৰি উজনি অসমৰ বিভিন্ন ঠাইত সোপাধৰাৰ আতংকই বিৰাজ কৰিছে। সোপাধৰাৰ আতংকৰ সময়তে জোনাইত সোপাধৰাৰ সন্দেহত ৰাইজৰ প্ৰহাৰত মৃত্যু হৈছে এজন লোকৰ। জোনাইৰ লাইমেকুৰীৰ বৈকুন্ঠপুৰ চাৰিআলিত সোপাধৰাৰ সন্দেহত ৰাইজে মৰিয়াই মৰিয়াই এজন লোকক হত্যা কৰে। গণপ্ৰহাৰত মৃত্যু হোৱা লোকজন ধেমাজি জিলাৰ গোগামুখ চেতিয়াগাঁৱৰ ৩২ বছৰীয়া গোলাপ বৰুৱা বুলি জানিব পৰা গৈছে।

গণপ্ৰহাৰত নিহত হোৱা গোলাপ বৰুৱা মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি জানিব পৰা গৈছে। বুধবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত জোনাইৰ ৰাকুত ককেগাঁৱৰ এগৰাকী মহিলাই কোলাত কেচুঁৱা লৈ থকা অৱস্থাত গোলাপ বৰুৱা নামৰ মানসিকভাৱে বিকাৰগ্ৰস্ত লোকজনে মহিলা গৰাকীৰ কেচুঁৱাটো কাঢ়ি নিবলৈ চেষ্টা চলাইছিল। মহিলা গৰাকীৰ চিঞৰত গোলাপ বৰুৱা পলায়ন কৰে যদিও ঘটনাস্থলীত বহু লোক উপস্থিত হৈ গোলাপ বৰুৱাক আটক কৰাৰ চেষ্টা চলায়।

কিছু সময় পিছতে ৰাইজে গোলাপ বৰুৱাক আটক কৰিবলৈ সক্ষম হয়। বহু সময় ধৰি ৰাইজে বৈকুন্ঠপুৰ চাৰিআলিত এখন দোকানত গোলাপ বৰুৱাক আৱদ্ধ কৰি ৰাখে আৰু পৰৱৰ্তী সময়ত একাংশ ৰাইজ উত্তেজিত হৈ গোলাপ বৰুৱাক আক্ৰমণ কৰে। ঘটনাৰ খবৰ পাই জোনাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গোলাপ বৰুৱাক উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে গোলাপ বৰুৱাক মৃত বুলি ঘোষণা কৰে।