বঙাইগাঁও : পুনৰ এখন মাদ্ৰাছা উচ্ছেদ (Madrassa Eviction)। জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত পুনৰ এখন মাদ্ৰাছা উচ্ছেদ কৰিলে প্ৰশাসনে। মঙলবাৰে নিশাৰ ভাগত মাদ্ৰাছাখনত চলিছিল আৰক্ষীৰ অভিযান। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মাদ্ৰাছাখনৰ শিক্ষকক।

বঙাইগাঁও জিলাৰ যোগীঘোপাত পুনৰ এখন মাদ্ৰাছা উচ্ছেদ কৰিলে প্ৰশাসনে। বঙাইগাঁও জিলা প্ৰশাসনে উচ্ছেদ কৰে মাদ্ৰাছাখন। কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা নামৰ মাদ্ৰাছাখন উচ্ছেদ কৰে বঙাইগাঁও জিলা প্ৰশাসনে। বঙাইগাঁও জিলাৰ প্ৰশাসনে মাদ্ৰাছাখন উচ্ছেদ কৰাৰ জাননী জাৰি কৰাৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত মাদ্ৰাছা কৰ্তৃপক্ষই মঙলবাৰে নিশাৰ ভাগৰে পৰা উচ্ছেদ অভিযান চলায়।

কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা নামৰ মাদ্ৰাছাখনত মঙলবাৰে নিশা আৰক্ষীৰ অভিযান চলাইছিল। জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মাদ্ৰাছাখনত নিশা অভিযান চলাই জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল মাদ্ৰাছাখনৰ শিক্ষক মুফতি হাফিজুৰ ৰহমানক। মুফতি হাফিজুৰ ৰহমান মাদ্ৰাছাখনত শিক্ষকৰ ৰূপত থাকি জেহাদীৰ কাৰ্যকলাপ চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে।

গোৱালপাৰা আৰক্ষীয়ে নিশা মাদ্ৰাছাখনত অভিযান চলাই মাদ্ৰাছাখনৰ শিক্ষক মুফতি হাফিজুৰ ৰহমান গ্ৰেপ্তাৰ কৰাৰ পিছতে বঙাইগাঁও জিলা প্ৰশাসনে মাদ্ৰাছাখন উচ্ছেদ কৰাৰ জাননী জাৰি কৰিছিল। নিশাই মাদ্ৰাছাখনৰ ছাত্ৰবাস আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে খালি কৰিছিল। মাদ্ৰাছাখনৰ ছাত্র সকলক নিজ বাসগৃহলৈ যাবলৈ দিয়া হয়। অৱশ্যে ১৩ জন ছাত্রক মাদ্ৰাছাখনৰ এটি স্থানত নিশাটো পাৰ কৰিবলৈ দিয়া হৈছিল।

বুধবাৰে পুৱাৰ ভাগত চলা মাদ্ৰাছাখনৰ উচ্ছেদ অভিযানত ব ৮ খনকৈএক্সেভেটৰ ব্যৱহাৰ কৰা হয়। মাদ্ৰাছাখন উচ্ছেদ কৰাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চেপা উত্তেজনা বিৰাজ কৰিছে। উল্লেখ্য জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত কেইবাখনো মাদ্ৰাছাও উচ্ছেদ কৰা হৈছে।