ৰহা, ৯ জুন, ২০২৩ : শুকুৰবাৰে (৯ জুন) ৱিকেট পৰিল পুনৰ এজন লাট মণ্ডলৰ। হাত দাঙিলে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল। দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰিলে ৰহা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল দিলীপ ৰায়ক (Lat Mandal Dilip Roy Caught)। লাট মণ্ডল দিলীপ ৰায়ৰ লগতে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ৰহমত আলী নামৰ আন এজন লোক। মাটিৰ কাম কৰি দিয়াৰ নামত ৫ হাজাৰ টকা উৎকোচ লৈছিল লাট মণ্ডল দিলীপ ৰায়।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। ইতিমধ্যে কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জালত পৰিছে। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰি কেইবাজানো চৰকাৰী বিষয়া- কৰ্মচাৰীয়ে হাত দাঙি ৰঙা ঘৰৰ ভাত খাবলগীয়া হৈছে। ইয়াৰ মাজতো একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানক কেৰেপ নকৰি চলাই গৈছে দুৰ্নীতিৰ বজাৰখন।

শুকুৰবাৰে (৯ জুন) দুৰ্নীতিৰ বজাৰ চলাই থকা পুনৰ এজন চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জালত পৰে। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে নগাঁও জিলাৰ ৰহা ৰাজহ কৰা বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল। মাটিৰ কাম কৰি দিয়াৰ বিনিময়ত ৰহা ৰাজহ কৰা বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল দিলীপ ৰায় এজন লোকৰ পৰা দাবী কৰিছিল ২০ হাজাৰ টকা। পৰৱৰ্তী সময়ত এই ধন ১৫ হাজাৰলৈ হ্ৰাস পায়। লাট মণ্ডল দিলীপ ৰায়ে উৎকোচ দাবী কৰা লোকজনে উৎকোচ দিয়াৰ পৰিবৰ্তে অভিযোগ লৈ কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ।

লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই ৰহা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল দিলীপ ৰায়ক ধৰিবলৈ জাল পেলায়। শুকুৰবাৰে লাট মাণ্ডল দিলীপ ৰায় দাবী কৰা উৎকোচৰ ৫ হাজাৰ টকা লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে। লাট মণ্ডল দিলীপ ৰায়ে উৎকোচৰ ৫ হাজাৰ টকা লৈ ৰহমত আলী নামৰ আন এজন লোকৰ হাতত দিছিল। দুৰ্নীতি নিবাৰক শাখাই ৰহমত আলীকো আটক কৰি উৎকোচৰ ৫ হাজাৰ টকা জব্দ কৰে। পৰবৰ্তী সময়ত দুয়োকে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৪১/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি বহুকেইজন লাট মণ্ডল আৰু কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।