গুৱাহাটী : গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ নগদ ধন। ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা জব্দ হৈছে গুৱাহাটী ৰে’ল ষ্টেচনত। তিনিজন যুৱকে তিনিটা বেগত আনিছিল টকাখিনি। ৰে’ল আৰক্ষীৰ তদন্ত অব্যাহত।

মঙলবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ পল্টন বজাৰস্থিত ৰে’ল ষ্টেচনত জব্দ হয় বৃহৎ পৰিমাণৰ নগদ ধন। ৰে’ল আৰক্ষীয়ে অভিযান চলাই তিনিজন যুৱকৰ পৰা তিনিটা বেগত জব্দ কৰে ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা।

ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে টকাখিনি সোমবাৰে  অৰুণাচল প্ৰদেশৰ পৰা অভিষেক শৰ্মা নামৰ এজন যুৱকে লৈ আনিছিল। আন দুজন যুৱক পূৰ্বৰে পৰা পল্টন বজাৰৰ  হোটেলত বাস কৰি আছিল। ধৃত যুৱক তিনিজন হৈছে উত্তৰ প্ৰদেশৰ অভিষেক শৰ্মা, উমেশ চান্দ শৰ্মা আৰু নতুন দিল্লীৰ পৱন কুমাৰ।

এই বৃহৎ পৰিমাণৰ নগদ ধন যুৱক তিনিজন যুৱকে কিয় আৰু কাক দিবলৈ আনিছিল এই সম্পৰ্কে কোনো তথ্য জানিব পৰা হোৱা নাই। আৰক্ষীৰ জেৰাত যুৱক তিনিজনে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই। ৰে’ল আৰক্ষীয়ে যুৱক তিনিজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।