নিউজ ডেস্ক, ২৫ জুলাই, ২০২৩ : মণিপুৰৰ ভাইৰেল ভিডিঅ’ (Manipur Viral Video) ঘটনাৰ লগত জড়িত সপ্তমজন অভিযুক্ত গ্ৰেপ্তাৰ। ঘটনাৰ লগত জড়িত আন আন অভিযুক্ত সকলক বিচাৰি মণিপুৰ আৰক্ষীয়ে তীব্র অভিযান চলাই আছে। বৰ্তমানলৈকে এজন নাবালকসহ মুঠ সাতজন অভিযুক্তক মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মণিপুৰত মহিলাক উলংগ কৰাই পেৰেড কৰা গোচৰৰ সপ্তমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এতিয়া আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা পোৱা আন আন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ব্যাপক তালাচী অভিযান চলাই আছে। এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে মুঠ সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এজন নাবালক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত সকলক জেৰা চলাই আন আন অভিযুক্তক বিচাৰি তীব্ৰ অভিযান চলাই আছে।

উল্লেখ্য যে মণিপুৰত দুই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ চলি থকা সময়ত যোৱা ৪ মে’ত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰাই একাংশ দুস্কৃতিকাৰীয়ে নিৰ্যাতন চলাইছিল। কিছুদিন পূৰ্বে এই ভিডিঅ’টোও ছ’চিয়েল মিডিয়াত ভহাইৰেই হৈ পৰাৰ পিছৰে পৰা দেশজুৰি তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে এনে ঘটনা যিকোনো সভ্য সমাজৰ বাবে লজ্জাজনক। এই ঘটনাৰ আঁৰত যিয়েই নহওক কিয়, তেওঁক ধৰি কঠোৰ শাস্তি দিয়া হ’ব বুলি মই আশ্বাস দিছো।

ইয়াৰ পিছত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ঘটনাৰ সৈতে জড়িত সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে মণিপুৰ ভিডিঅ’ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ে ঘটনা সন্দৰ্ভত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰি কৈছিল যে যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আদালতে হস্তক্ষেপ কৰিব। ইফালে বিৰোধী ৰাজনৈতিক দল সমূহৰ লগতে বিভিন্ন দল-সংগঠনে মণিপুৰৰ ঘটনাকলৈ এন বীৰেণ সিঙৰ মণিপুৰ চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

মণিপুৰৰ এই জঘন্য ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছৰে পৰা মণিপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন দল-সংগঠনৰ লগতে মণিপুৰৰ ৰাইজে এই জঘন্য ঘটনাৰ লগত জড়িত সকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে মণিপুৰত শান্তি স্থাপনৰ দাবী জনাই আহিছে। আনফালে মণিপুৰৰ হিংসাত্মক ঘটনাৰ জুই মিজোৰামলৈ বিয়াপিছৰ। মিজোৰামৰ প্ৰাক্তন উগ্ৰপন্থী সংগঠনে মিজোৰামত বসবাস কৰা মেইটেই সকলক মিজোৰাম এৰি যাবলৈ সকীয়ানি প্ৰদান কৰিছে।