গুৱাহাটী, ৯ আগষ্ট, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ১০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শক। 

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ কৰ অধীক্ষক তথা উপ পৰিদৰ্শক পৰিল জালত। উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শক।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শকজন। ১০ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শক নীৰেন ভট্টাচাৰ্য। জি এছ টিৰ কাম কৰি দিয়াৰ বিনিময়ত এজন লোকৰ পৰা ১০ হাজাৰ টকা দাবী কৰিছিল ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শক নীৰেন ভট্টাচাৰ্যই।ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শকজনে উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শক নীৰেন ভট্টাচাৰ্যক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে গুৱাহাটীস্থিত কৰ ভৱনত অভিযান চলাই নীৰেন ভট্টাচাৰ্যক জালত পেলাবলৈ সক্ষম হয়। ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শক নীৰেন ভট্টাচাৰ্যৰ কবলৰ পৰা উৎকোচৰ ১০ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শক নীৰেন ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৫৯/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে। ইয়াৰে অধিক সংখ্যক লাট মাণ্ডল। ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শক নীৰেন ভট্টাচাৰ্য দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা আজিৰ দিনটোৰ দ্বিতীয়জন চৰকাৰী কৰ্মচাৰী।