গুৱাহাটী, ১০ আগষ্ট, ২০২৩ : মহানগৰী গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা। মহানগৰীত এজন ছাত্ৰক আহৰণ কৰি হত্যা (Student Kidnapped And Murder)। মঙলবাৰে আহৰণ কৰা হৈছিল ছাত্ৰজনক। বুধবাৰে উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ। ভেটাপাৰাৰ মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্রেণীৰ ছাত্রজনৰ মুক্তিপণ হিচাপে ৭ লাখ টকা দাবী কৰিছিল আহৰণকাৰীয়ে।

এটাৰ পিছত আনটো অপৰাধজনীত ঘটনা সংঘটিত হৈ আছে মহানগৰী গুৱাহাটীত। আৰক্ষীৰে গীজগিজাই থকা মহানগৰী গুৱাহাটীৰ সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা প্ৰদানত আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। চুৰি, ডকাইতি, অপহৰণ, হত্যা যেন সাধাৰণ অপৰাধত পৰিগণিত হৈছে গুৱাহাটী মহানগৰীত। নিশাৰ আন্ধাৰ নহয়, দিনৰ পোহৰতে সংঘটিত হৈ আছে এটাৰ পিছত আনটো অপৰাধ।

পুনৰ এক চাঞ্চল্যকৰ অপহৰণ আৰু হত্যাকাণ্ডই জোকাৰি গৈছে মহানগৰী গুৱাহাটী। মঙলবাৰে গুৱাহাটী মহানগৰীত অপহৰণ কৰা হৈছিল এজন ছাত্ৰক। ছাত্ৰজনৰ মুক্তিপণ হিচাপে অপহৰণকাৰীয়ে ৭ লাখ টকা দাবী কৰিছিল যদিও বুধবাৰে উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ। মহানগৰীৰ বোন্দাৰ সমীপৰ ঘন জংঘলত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ।

এজন পূজাৰীয়ে ঘন জংঘলত ছাত্ৰজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে মঙলবাৰে ভেটাপাৰাৰ মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্রেণীৰ ছাত্র নীতিশ কুমাৰ বিদ্যালয়লৈ যোৱাৰ পৰিবৰ্তে এজন লোকৰ স্কুটাৰত উঠি অন্য ঠাইলৈ গৈছিল।

ইয়াৰ পিছতে ছাত্ৰজনৰ পৰিয়ালৰ পৰা ছাত্ৰজনৰ মুক্তিৰ বাবে ৭ লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে। আহৰণকাৰী ছাত্ৰজনৰ পৰিয়ালৰ চিনাকী। ছাত্ৰজন পিতৃ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই ঘটনাই মহানগৰী গুৱাহাটীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে অভিষেক বৰুৱা নামৰ এজন লোকৰ লগত ছাত্ৰজনৰ দীর্ঘদিনয়া চিনাকী আছিল আৰু দুয়োৰে মাজত ধনৰ লেনদেন হৈছিল। মঙলবাৰে অভিষেক বৰুৱাই ছাত্ৰজনক বোন্দাৰ ফালে লৈ গৈছিল আৰু তাতে ছাত্ৰজনক হত্যা কৰা হৈছিল। আৰক্ষীয়ে ইতিমধ্যে অভিষেক বৰুৱাক আটক কৰি জেৰা অব্যাহত ৰাখিছে।