গৰৈমাৰী : মধ্যাহ্ন ভোজনৰ (Midday Meal) পৰা বঞ্চিত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। বিগত এসপ্তাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ আছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰী সকলক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ।

দক্ষিণ কামৰূপৰ ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিগত এসপ্তাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ থকাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মধ্যহ্ন ভোজনৰ যাৱতীয় ব্যৱস্থা কৰি দিয়াৰ পিছতো ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক সকলক মধ্যহ্ন ভোজনৰ পৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

ভিতৰদুৱাৰ এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। দক্ষিণ কামৰূপৰ ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ভিতৰ দুৱাৰ এম ই মাদ্ৰাছাখনৰ ৰান্ধনীশালত বিগত এসপ্তাহ ধৰি তলা ওলমি আছে। কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ইমদাদ হুছেইনে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰী সকলক বিগত এসপ্তাহ ধৰি মধ্যহ্ন ভোজনৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে।

কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি গৰাকীয়ে কয় যে প্ৰধান শিক্ষকজনৰ মৈমতালিৰ বাবেই মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল৷ ছাত্ৰ-ছাত্ৰী সকলৰ মুখৰ আহাৰ কাঢ়িছে প্ৰধান শিক্ষকজনে। কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ইমদাদ হুছেইনে লগতে কয় যে সংখ্যালঘু এলেকাত থকা একাংশ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকে ব্যপক অনিয়মৰ মাজেৰে পৰিচালনা কৰিছে বিদ্যালয় সমূহ।

ভিতৰদুৱাৰ এম ই মাদ্ৰাছাখনত বিগত ২৭ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰ লৈ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বন্ধ ৰখা হৈছিল মধ্যহ্ন ভোজন। এতিয়া প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই বিভাগীয়ভাৱে ব্যৱস্থা ল’ৱ নে নাই প্ৰশ্ন উত্থাপন কৰিছে কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি গৰাকীয়ে।