Question Paper Leak : প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত বর্তমানলৈকে ২২ জনক আটক

In ৰাজ্য
Umra Package

Sibani Saikia 

গুৱাহাটী : প্ৰশ্ন কাকত ফাদিলৰ (Question Paper Leak) অভিযোগত বর্তমানলৈকে ২২ জনক আটক। সোমবাৰে অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈকে ২২ জনক আটক কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি বিৰাজ কৰিছে তীব্র চাঞ্চল্যৰ। প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিল কৰাৰ বিৰোধিতা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰতিবাদকাৰী সকলে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীও জনাইছে। ইফালে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে অসম আৰক্ষীয়ে এক অপৰাধমূলক গোচৰ ৰুজু কৰি চিআইডিৰ সহায়ত তদন্ত আৰম্ভ কৰিছে। যোৱা নিশাৰ পৰা আৰক্ষীয়ে প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত সকলৰ বিৰুদ্ধে অভিযান চলাই বৰ্তমানলৈকে ২২ জনক আটক কৰাৰ কথা টুইটযোগে প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে টুইটযোগে কয় “অসমৰ মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্রশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত গুৱাহাটী, উত্তৰ লক্ষীমপুৰ, ধেমাজি, শদিয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা ২২ জন লোকক আটক কৰা হৈছে। আমি প্রশ্নকাকত ফাদিল কৰাৰ লগত জড়িত সকলৰ নেটৱৰ্ক উদ্ধাৰ কৰিবলৈ প্ৰতিশ্ৰুতিৱদ্ধ হৈ আছোঁ।”

উল্লেখযোগ্য যে অপৰাধ অনুসন্ধান শাখাই সোমবাৰে প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা তিনিজন হৈছে প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোহাঁই, শিক্ষক হেৰাম্বো কুমাৰ দাস আৰু বাহন চালক বিন্দেশ্বৰ টুমুং। তিনিও গুৱাহাটীৰ কাহিলীপাৰাস্থিত ভাউৰীদেৱী ছেৰাউৰী মুকবধিৰ বিদ্যালয়ৰ কৰ্মচাৰী। চিত্ৰ ৰয় নামৰ আন এজনকো চিআইডিয়ে জেৰা কৰি আছে বুলি জানিব পৰা গৈছে।

আনহাতে চিআইডিয়ে‌ ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মা আৰু মুখ্য নিয়ন্ত্ৰক জিমলি কাকতি ডেকাকো মাতি পঠিয়াইছিল। শেহতীয়া তথ্য অনুসৰি শিক্ষকৰ লগতে প্ৰশ্ন কাকত ফাদিল হোৱা সংক্ৰান্তত ডিব্ৰগড়ৰৰ ছল্ট ব্ৰুক একাডেমীৰ পাঁচজন ছাত্ৰ আৰু গোগামুখৰ এজন ছাত্ৰকো আটক কৰিছে আৰক্ষীয়ে। হোৱাটছএপৰে হাতে লিখা প্ৰশ্ন কাকত ফাদিল কৰাত জড়িত আছিল ছাত্ৰ কেইজন।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu