গুৱাহাটী : মহানগৰ আৰক্ষীৰ বৃহৎ সফল্য। মহানগৰীত আলফা (স্বাধীন)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী। শুকুৰবাৰে নিশা মহানগৰীৰ সাউকুচিৰ পৰা মহানগৰী আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই গ্ৰেপ্তাৰ কৰে টুটু বৰা নামৰ আলফা (স্বাধীন)ৰ এজন সক্ৰিয় সদস্যক।

মহানগৰ আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই এক গোপন খবৰৰ ভিত্তিত শুকুৰবাৰে নিশা সাউকুচিত অভিযান চলাই টুটু বৰা নামৰ আলফা (স্বাধীন)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। সাউকুচিত নিৰাপত্তা ৰক্ষী হিচাপে কৰ্মৰত আছিল টুটু বৰা নামৰ আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্যজন। টুটু বৰা আলফা (স্বাধীন)ৰ হৈ মহানগৰীৰ পৰা ধন সংগ্ৰহৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

টুটু বৰা নামৰ আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্যজন লগতে যুৱক-যুৱতী সকলক আলফা (স্বাধীন)ত নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগতো জড়িত আছিল বুলি আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিয়ে। নিৰাপত্তা ৰক্ষী হিচাপে মহানগৰীত কাম কৰি টুটু বৰাই আলফা (স্বাধীন)ৰ শীর্ষ পৰ্যায়ৰ নেতাৰ লগত যোগাযোগ ৰাখিছিল বুলিও আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিয়া হয়। টুটু বৰা ইয়াৰ পুৰ্বেও আলফা (স্বাধীন)ৰ লগত জড়িত থাকৰ অভিযোগত যোৰহাটত গ্ৰেপ্তাৰ হৈছিল।

কাৰাগাৰৰ পৰা ওলাই আহি টুটু বৰা কিছুদিনৰ বাবে বহিঃৰাজ্যত কৰ্মৰত আছিল। মাজুলীৰ গড়মূৰৰ বাসিন্দা টুটু বৰা কিছুবছৰ পূৰ্বে বহিঃৰাজ্যৰ পৰা আহি মহানগৰীত থাকি আলফা (স্বাধীন)ৰ গতিবিধি চলাই আছিল। ইফালে কিছুদিন পূৰ্বে মহানগৰীৰ পৰা দুগৰাকী যুৱতী আলফা (স্বাধীন)ত যোগদান কৰাৰ লগত টুটু বৰাৰ সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে তদন্ত চলাই আছে।