গুৱাহাটী : গাড়ীগাঁৱৰ কিশোৰী ধর্ষণকাণ্ডৰ দুজন অভিযুক্ত গ্ৰেপ্তাৰ। মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত দুজনক। ধর্ষণকাণ্ডৰ লগত জড়িত পাঁচ অভিযুক্তৰ ভিতৰত মূল অভিযুক্তৰ ইতিমধ্যে মৃত্যু হৈছে আৰক্ষীৰ গুলীত। বৰ্তমানেও পলাতক অৱস্থাত আছে আন দুজন অভিযুক্ত।

গাড়ীগাঁৱৰ এগৰাকী কিশোৰীৰ ধৰ্ষণৰ অভিযুক্ত ফাইজুল আলী আৰু পোনা আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে মৰিগাঁৱত আত্মগোপন কৰি থকা ধৰ্ষণৰ অভিযুক্ত ফাইজুল আলী আৰু পোনা আলীক গ্ৰেপ্তাৰ কৰে। ধর্ষণকাণ্ডৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল অভিযুক্ত দুজন।

কছুদিন পূৰ্বে সংঘটিত হোৱা মহানগৰী গুৱাহাটীৰ গাড়ীগাঁৱৰ এগৰাকী কিশোৰীৰ ধর্ষণকাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। পাঁচজনকৈ যুৱকে গাড়ীগাঁৱৰ এগৰাকী কিশোৰীক দলবদ্ধ ধর্ষণ কৰিছিল। কিশোৰী গৰাকীৰ ধর্ষণকাণ্ডৰ ভিডিঅ’ সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত কিশোৰী গৰাকীক ব্লেকমেইল কৰিছিল।

উল্লেখ্য যে এই ধৰণকাণ্ডৰ মূল অভিযুক্ত আছিল কিশোৰী গৰাকীৰ প্ৰেমিক বিকী আলী নামৰ এজন যুৱক। যোৱা মঙলবাৰে আৰক্ষীয়ে বিকী আলীক কামৰূপ জিলাৰ দামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বিকী আলীক লক্ষ্য কৰি গুলী চালনা কৰিছিল।

আৰক্ষীৰ গুলীত থিতাতে নিহত হৈছিল ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকী আলী। এই ধর্ষণকাণ্ডৰ লগত জড়িত পাঁচজন অভিযুক্তৰ বিকী আলীৰ মৃত্যু হোৱাৰ লগতে ফাইজুল আলী আৰু পোনা আলী নামৰ অভিযুক্ত দুজন গ্ৰেপ্তাৰ হৈছে। আনহাতে আন দুজন অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে। পলাতক অভিযুক্ত দুজনক বিচাৰি আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তুলিছে।