যোৰহাট : ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে যোৰহাটত অঘটন। ফাকুৱা খেলি ভোগদৈ নদীত গা ধুৱলৈ যোৱা দুজন যুৱকৰ সলিল সমাধি। যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ।

ৰাজ্যজুৰি ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে যোৰহাট জিলাত সংঘটিত হৈছে এক কৰুণ ঘটনা। ফাকুৱা খেলি সমনীয়াৰ লগত ভোগদৈ নদীত গা ধুই থকা অৱস্থাত দুজন যুৱকৰ সলিল সমাধি ঘটে। কেইবাজনো যুৱক নদীত গা ধুই থকা অৱস্থাত দুজন যুৱক সন্ধানহীন হৈ পৰে।

ঘটনাৰ খবৰ পাই এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ লোক তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ যুৱক দুজনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে। দীর্ঘসময় ধৰি অভিযান চলাই অৱশেষত নদীৰ বুকুত সন্ধানহীন হোৱা যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে।

উল্লেখ্য যে ফাকুৱা খেলি ভোগদৈ নদীত গা ধুৱলৈ কেইবাজনো যুৱক আহিছিল। বৰ্তমান সময়লৈকে দুজন যুৱকৰ মৃতদেহ ভোগদৈ নদীত পোৱা গৈছে। আনহাতে এই পর্যন্ত কেইজন যুৱক গা ধুবলৈ আহিছিল জানিব পৰা হোৱা নাই।