গুৱাহাটী, ৩১ আগষ্টঃ কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ বিদ্যালয়সমূহত পথ সুৰক্ষা সজাগতা কাৰ্য্যসূচীৰ মুকলি কৰা হৈছে৷ গুৱাহাটীৰ পানবজাৰস্থিত ডনবস্ক স্কুলত কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত বৰ্ণালী শৰ্মাই পথ সুৰক্ষা সজাগতা কাৰ্য্যসূচীৰ মুকলি কৰে৷ ডনবস্ক স্কুলৰ পাছতেই  জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তাৰিণী চৰণ বহুমুখী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পথ সুৰক্ষা সজাগতা কাৰ্য্যসূচী অনুষ্ঠিত হয়৷ এই কাৰ্য্যসূচীত জিলা পৰিবহন বিষয়া আৰু যান-বাহন পৰিদৰ্শক সকলে এলচিডি প্ৰজেক্টৰ সহায়ত পথ সুৰক্ষা বিষয়ক তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে বাচত কেনেদৰে উঠিব বা নামিব লাগে, ট্ৰেফ্ৰিক সংকেট লাইটৰ সংকেট, জিব্ৰা ক্ৰছিং কি, নিয়ন্ত্ৰিত গতিবেগত বাহন চলোৱা, হেলমেট পৰিধান কৰা, নিশা বাহনৰ আপাৰ-ডীপাৰ ব্যৱহাৰ কৰা আদি পথ সুৰক্ষামূলক দিশৰ বিষয়ে বিশদভাবে বুজাই দিয়ে৷