গুৱাহাটী, ৩১ আগষ্টঃ অসম সচিবালয়ৰ এফ ব্লকত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডত প্ৰথম মহলাত থকা বিত্ত বিভাগৰ কাৰ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ যায়৷ অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ীৰে দুই নিৰ্বাপন কৰা হয়৷ অগ্নিকাণ্ড আৰু অগ্নিনিৰ্বাপন বাহিনীৰ পানীয়ে কাৰ্য্যালয়ৰ কম্পিউটাৰ নষ্ট কৰাত বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জাহ যোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা হৈছে৷ উল্লেখ্য যে, বিত্ত বিভাগৰ কাষতে থকা মুখ্যমন্ত্ৰীৰ সচিবালয়ত কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ সময়তে এই অগ্নিকাণ্ডটো সংঘটিত হয়৷