ৰঙিয়া, ১৩ মেঃ ৰঙিয়াত পত্নী পৰিয়ালৰ নিৰ্যাতনত স্বামীয়ে আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য হয়৷ ৰঙিয়াৰ পিতাম্বৰ হাট বজালীৰ প্ৰণৱ মহন্তই (৩৩) পত্নী পৰিয়ালৰ অত্যাচাৰত গাত পে’ট্ৰল ঢালি জুই লগাই আত্মহত্যাৰ চেষ্টা চলায়৷ গেলামালৰ দোকানী প্ৰণৱে নিজ দোকানৰ ভিতৰত পেট্ৰল ঢালি জুই লগায়৷ স্থানীয় লোকে এই দৃশ্য প্ৰত্যক্ষ কৰি পানী ঢালি প্ৰণৱৰ শৰীৰৰ জুই নোমোৱায়৷ অৰ্ধ-দগ্ধ অৱস্থাত প্ৰণৱক ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ প্ৰণৱৰ অৱস্হা অতি সংকটজনক হোৱাত ততালিকে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়৷ অভিযোগ অনুসৰি, প্ৰায় সাত বছৰ পূৰ্বে প্ৰণৱ মহন্তই পাপৰিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ কিন্তু বিবাহৰ পিছৰে পৰা প্ৰণৱক পত্নী আৰু শাহুৱেকে নিৰ্যাতন চলাই আহিছিল৷ শনিবাৰে পুৱা শাহুৱেকে প্ৰণৱক মাৰধৰ কৰে৷ পত্নীৰ পৰিয়ালৰ এই নিৰ্যাতন সহ্য কৰিব নোৱাৰি প্ৰণৱে আত্মহননৰ চেষ্টা কৰে৷ নিৰ্যাতনকাৰী শাহুৱেক প্ৰতিভা কলিতা আৰু ঘৈণীয়েক পাপৰি মহন্তৰ উপযুক্ত শাস্তিৰ দাবী উত্থাপন কৰিছে স্হানীয় লোকে৷ ইতিমধ্যে ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷