ৰূপহীহাট : এক চাঞ্চল্যকৰ অপহৰণকাণ্ড। দুজন মিজো লোকক অপহৰণ কৰিলে ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ কৰ্মচাৰীয়ে। ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ কৰ্মচাৰী দুজনে বেংকৰ চি এছ পিৰ একাউন্টৰ জৰিয়তে সংগ্ৰহ কৰিলে দাবী কৰা ধন। 

এক চাঞ্চল্যকৰ অপহৰণকাণ্ড সংঘটিত হৈছে ৰাজ্যত। এই চাঞ্চল্যকৰ অপহৰণকাণ্ড সংঘটিত কৰিছে ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ দুজন কৰ্মচাৰীয়ে। গুৱাহাটীৰ পৰা দুজন মিজো লোকক অপহৰণ কৰাৰ অভিযোগ ৰূপহীহাটৰ কাঞ্চনপুৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ দুজন কৰ্মচাৰীৰ বিৰুদ্ধে।

মকছিদুল ইছলাম আৰু অভিলাষ চাকলাদাৰ নামৰ ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ কৰ্মচাৰী দুজনে গুৱাহাটীৰ পৰা মিজো লোক দুজনক অপহৰণ কৰি ৰূপহীহাটৰ এক অজ্ঞাত স্থান কেইবাদিন ধৰি বন্দী কৰি ৰাখিছিল। লোক দুজনক মুকলি কৰি দিয়াৰ বিনিময়ত চি এছ পিৰ কৰ্মচাৰী দুজনে মিজো লোক দুজনৰ পৰিয়ালৰ পৰা দাবী কৰিছিল দুই লাখ টকা।

ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ কৰ্মচাৰী দুজনে ইতিমধ্যে মিজো লোক দুজনৰ পৰিয়ালৰ পৰা সংগ্ৰহ কৰে ৪০ হাজাৰ টকা। উক্ত চি এছ পিৰ একাউন্টৰ জৰিয়তে ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ কৰ্মচাৰী দুজনে সংগ্ৰহ কৰে দাবী কৰা ধনৰ ৪০ হাজাৰ টকা। ইয়াৰ মাজতে আৰক্ষীয়ে মিজো লোক দুজনক উদ্ধাৰ কৰাৰ বাবে অভিযান চলাই থকাৰ উমান পায় দুই অপহৰণকাৰীয়ে।

গুৱাহাটী আৰু ৰূপহীহাট আৰক্ষীৰ তীব্ৰ অভিযান চলি থকাৰ মাজতে ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ অপহৰণকাৰী কৰ্মচাৰী দুজনে মিজো লোক দুজনক মুকলি কৰি দিয়ে। পিছে বেংকৰ চি এছ পি একাউণ্টৰ জৰিয়তে দাবী কৰা ধন সংগ্ৰহ কৰি জালত পৰে ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ কৰ্মচাৰী মকছিদুল ইছলাম আৰু অভিলাষ চাকলাদাৰ।

অপহৰণ আৰু ধন দাবীৰ ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত গুৱাহাটী আৰু ৰূপহীহাট আৰক্ষীৰ দলে অভিযান চলাই ৰূপহীহাটৰ পৰা গ্ৰেপ্তাৰ চি এছ পিৰ কৰ্মচাৰী দুজন। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মিজো লোক দুজনৰ মুক্তিৰ বিনিময়ত অপহৰণকাৰী দুজনে ২ লাখ টকা দাবী কৰিছিল। আহৰণৰ এই ঘটনাৰ লগত জড়িত অন্য দুজন লোকক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে।