বঙাইগাঁও, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ বাবে সভা এৰি পলাব লগা হ’ল যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী।

শনিবাৰে আছু, আক্ৰাছু, গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ সদস্য সকলে বঙাইগাঁও জিলাৰ মানিকপুৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ দেখি পলায়ন কৰিবলৈ বাধ্য হল মন্ত্ৰী ফণীভূষণ চৌধুৰী।

মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে শনিবাৰে অংশগ্ৰহণ কৰিবলৈ গৈছিল বঙাইগাঁও জিলাৰ মাণিকপুৰৰ এক সভাত । কিন্তু সভা এৰি আধাতে প্ৰতিবাদৰ বাবে জংঘলৰ মাজেৰেই পলায়ন কৰিব লগা হয় মন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীৰে কৰা আন্দোলনৰ বাবে।

ইফালে নাহৰকটীয়াতো ৰামেশ্বৰ তেলী ৰাজপথতে আবদ্ধ কৰিলে আছু কৰ্মীয়ে। মন্ত্ৰী গৰাকীক মুর্দাবাদ , লেই লেই ছেই ছেই কৰি প্ৰতিবাদ কৰিলে আছু কৰ্মীয়ে। আৰক্ষীয়ে বাধা দিবলৈ চায় যদিও ৰামেশ্বৰ তেলীক আছু নেতাই মই এজন অসমীয়া আৰু মই কেবৰ বিৰোধিতা কৰো বুলি কবলৈ দিয়াত নিশ্চুপ থাকে মন্ত্ৰীগৰাকী। তাৰ বিপৰীতে হাতজোৰ কৰে আছু নেতাৰ আগত।