নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : মৃত্যুৰ লগত হাৰ মানিলে উন্নাৱৰ নিৰ্যাতিতা যুৱতীয়ে । মৃত্যুৰ আগে আগে কৈ গ’ল “মই মৰিব নিবিচাৰো । যিয়ে মোৰ এনে অৱস্থা কৰিছে সিহঁতক ৰেহাই নিদিব।”

উল্লেখ কৰিব পাৰি যে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ ২০১৮ চনতে ধৰ্ষণৰ বলি হৈছিল যুৱতীগৰাকী । এই ধৰ্ষণৰ গোচৰৰ শুনানি চলি আছিল ৰায়বৰেলীৰ এখন আদালতত আৰু আদালতলৈ গৈ থকাৰ পথতে ধৰ্ষণ কাণ্ডৰ অভিযুক্তই বাটৰ পৰা পথাৰলৈ নি গাত তেল ঢালি যুৱতীগৰাকীক জ্বলাই হত্যাৰ চেষ্টা কৰে ।

গাত জুই লগাৰ দিয়াৰ পাছত যুৱতীগৰাকীয়ে স্থানীয় ৰাইজক সহায় ভিক্ষা মাগে যদিও সহায়ৰ বাবে কোনো ওলাই নাহে । পাছত নিজেই এম্বুলেন্সক ফোন কৰি মাতে । এম্বুলেন্স আহি পোৱালৈ শৰীৰৰ নব্বৈ শতাংশ জ্বলি যায় যুৱতীগৰাকীৰ।

চিকিৎসকে জানিবলৈ দিয়া মতে হৃদৰোগত আক্ৰান্ত হয় যুৱতীগৰাকী আৰু আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শুকুৰবাৰে নিশা ১১.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।